সংগীতা ৰাভাৰ শিৰত জিলিকিল লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীৰ ‘বিহু সম্ৰাজ্ঞী’ৰ মুকুট, উপহাৰ হিচাপে কি কি পালে 

ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ অন্যতম আকৰ্ষণ ‘বিহু সম্ৰাজ্ঞী’ প্ৰতিযোগিতাৰ এইবাৰৰ ফলাফল ঘোষণা কৰা হৈছে। এইবাৰ প্ৰতিযোগিতাত শীৰ্ষ সন্মান অৰ্জন কৰি সংগীতা ৰাভাই লাভ কৰে ২০২৬ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ। লতাশিল খেলপথাৰত অনুষ্ঠিত এই জাকজমকীয়া অনুষ্ঠানত সংগীতাৰ শিৰত জিলিকি উঠে বিজয়ৰ মুকুট।

বিহু সম্ৰাজ্ঞী হিচাপে সংগীতা ৰাভালৈ আগবঢ়োৱা হয় একাধিক মূল্যবান পুৰস্কাৰ। ইয়াত অন্তৰ্ভুক্ত আছে বিহু সম্ৰাজ্ঞীৰ বেজ আৰু দণ্ড, ৰূপৰ মুকুট, সোণৰ অলংকাৰ, মানপত্ৰ আৰু ১ লাখ ১১ হাজাৰ ১০১ টকাৰ চেক। লগতে তেওঁ লাভ কৰে এটা চলন্ত ট্ৰফী আৰু এটা স্থায়ী ট্ৰফী। ইয়াৰ উপৰি বিভিন্ন প্ৰতিষ্ঠান আৰু সংস্থাৰ ফালৰ পৰা আগবঢ়োৱা হয় অসমীয়া গহণা, অতিৰিক্ত নগদ পুৰস্কাৰ (৩০ হাজাৰ টকা, ১০ হাজাৰ টকা আৰু ১০ হাজাৰ টকা), চেনক’ৰ অলংকাৰ, পাৰ্নিল পেলেচ আৰু আন দোকানৰ উপহাৰ। সংগীতাক আৰু প্ৰদান কৰা হয় দুলহনৰ এখন শাৰী, এটি নিম গছৰ পুলি আৰু এখন পৰম্পৰাগত জাঁপি।

এই অনুষ্ঠানতে আন শ্ৰেষ্ঠত্বৰ বঁটা সমূহো প্ৰদান কৰা হয়। শ্ৰেষ্ঠ ঢুলীয়া হিচাপে সন্মান লাভ কৰে লাচিত গগৈয়ে আৰু শ্ৰেষ্ঠ পেঁপা বাদকৰ সন্মান লাভ কৰে গোবিন চন্দ্ৰ গগৈয়ে।

ইয়াৰ পূৰ্বে ঘোষণা কৰা অনুসৰি, বিহু কুঁৱৰী হিচাপে গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই আৰু বিহুৰাণী হিচাপে লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে খিতাপ অৰ্জন কৰে। তেওঁলোককো মানপত্ৰ, নগদ পুৰস্কাৰ, অলংকাৰ আদি বিভিন্ন উপহাৰে সন্মানিত কৰা হয়।

গুৱাহাটী বিহু সন্মিলনীৰ এই প্ৰতিযোগিতাই প্ৰতিবছৰে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাক অধিক উজলাই তোলে, য’ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাশালী শিল্পীসকলে নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰে।

Related Articles