শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং। শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাত তেওঁ বিজ্ঞান শাখাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰি ৯১ শতাংশ নম্বৰ লাভ কৰিছে। উল্লেখযোগ্য যে ইংৰাজী, বিকল্প ইংৰাজী, পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান বিষয়ত তেওঁ লেটাৰ নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং হৈছে মুকুল বাইলুং আৰু গীতালি কোঁৱৰ (এগৰাকী শিক্ষয়িত্ৰী)ৰ কন্যা। তেওঁ আগতে ২০২৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো শিৱসাগৰ হলী নেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ছয়টা বিষয়ত লেটাৰ নম্বৰসহ ৯৫ শতাংশ নম্বৰ লাভ কৰি সাফল্য অর্জন কৰিছিল।

নিজৰ এই ধাৰাবাহিক উৎকৃষ্ট ফলাফলৰ জৰিয়তে প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুংয়ে শিৱসাগৰ খেলুৱাৰ অঞ্চললৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁৰ এই সাফল্যই পৰিয়াল, বিদ্যালয় আৰু অঞ্চলবাসীৰ মাজত আনন্দৰ জোৱাৰ আনিছে।

