ধুবুৰীত মৰ্মান্তিক ঘটনা।
ধুবুৰীত দুই শ্ৰমিকৰ কৰুণ মৃত্যু।
তিনিমহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু শ্রমিকদ্বয়ৰ।
মৃত দুই শ্রমিক আফজাল হুছেইন আৰু আজিজুৰ শ্বেখ।
চিকিৎসাধীন অৱস্থাত মৃত্যু দুই শ্ৰমিকৰ।
ধুবুৰী যোগোমায়া ঘাটৰ সমীপত এই ঘটনা।
অট্টালিকাৰ স্বত্বাধিকাৰ কল্যাণ সাহাৰ বিৰুদ্ধে ক্ষোভ পৰিয়ালৰ।
মৃত শ্রমিকদ্বয়ৰ খবৰ নোলোৱাৰ অভিযোগ সাহাৰ বিৰুদ্ধে।
বিল্ডিংৰ স্বস্তাধিকাৰী কল্যান শ্বাহাৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানা এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ।
এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা এতিয়া লৈকে বিল্ডিংৰ স্বত্বাধিখাৰী কল্যাণ শ্বাহাই মৃত্যু হোৱা পৰিয়ালৰ লগত কোনো ধৰণৰ খা-খবৰ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ।
মৃত্যু শ্ৰমিক আফাজাল হুছেইনৰ ঘৰ বাহাদুৰটাৰি আৰু আজিজুৰ শেখৰ ঘৰ ঝগৰাৰপাৰ চতুৰ্থ খণ্ডত বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

