ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান, সোণাৰিত আটক দুজন চিকিৎসক

ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান, সোণাৰিত আটক দুজন চিকিৎসক


ৰাজ্যজুৰি ভুৱা চিকিৎসকৰ বিৰুদ্ধে চলি থকা আৰক্ষীৰ অভিযানৰ অংশ হিচাপে চৰাইদেউ জিলাৰ সোণাৰিতো আৰক্ষীয়ে অভিযান চলাই দুজন চিকিৎসকক আটক কৰিছে। দুয়োকে বৰ্তমান সোধা-পোছাৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

আটকাধীনসকলৰ ভিতৰত এজন হৈছে টাউকাক চাহ বাগিচাৰ ডাঃ অৰিন্দম গাংগুলী আৰু আনজন মঞ্জুশ্ৰী চাহ বাগিচাৰ ডাঃ বেণু চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, চিকিৎসক দুজনৰ নথি-পত্ৰ আৰু চিকিৎসা কৰাৰ বৈধতা সম্পৰ্কে তদন্ত চলি আছে। তদন্তৰ অংশ হিচাপে তেওঁলোকক সোধা-পোছা কৰা হৈছে। অভিযোগসমূহৰ সত্যতা পৰীক্ষা কৰাৰ পিছতহে পৰৱৰ্তী আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষী আৰু স্বাস্থ্য বিভাগে যুটীয়াভাৱে অভিযান তীব্ৰতৰ কৰি তুলিছে। জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে এই অভিযান অব্যাহত থাকিব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে।

Related Articles