কৰোনা আতংকৰ মাজতেই ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ কাছগাঁৱত যোৱা নিশা প্ৰায় ৮ মান বজাত সুৰামত্ত হৈ দুজন লোকে আন এজন লোকক কুঠাৰেৰে মৰিয়াই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ কাছ গাঁৱৰ বাবাটো (অন্নন) ঘাটোৱাৰ (২৪) আৰু কমলেশ্বৰ ঘাটোৱাৰ (২২) নামৰ লোক দুজনে অজয় গোৱালা (২৩) নামৰ লোকজনক পাৰিবাৰিক কাৰণত সুৰামত্ত হৈ কুঠাৰেৰে মৰিয়াই হত্যা কৰে। লোকজনক টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে হত্যাকাৰী বাবাটো ঘাটোৱাৰ আৰু কমলেশ্বৰ ঘাটোৱাৰক আটক কৰি এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰীঘাট গ’ল্ডেন চিনিয়ৰ চেকেণ্ডাৰী স্কুলত কৃতি ছাত্র-ছাত্রীক অভিনন্দন…
- এগিলাচ পানীত মিহলাই লওক এচামুচ নিমখ! নিমখীয়া পানীৰ উপকাৰিতাৰ বিষয়ে জানক…
- প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দলৰ জ্যেষ্ঠ নেতাৰ ৰাজনীতি ধ্বংস কৰিছে : অৰবিন্দ কেজৰিৱাল…
- প্ৰধানমন্ত্ৰী মোডী এখন যুদ্ধত পৰাস্তঃ কেজৰিৱালৰ মুক্তিক লৈ পাকিস্তানী নেতাৰ প্ৰতিক্ৰিয়া…
- মহাভাৰতৰ লগত কেদাৰনাথ ধামৰ কি সম্পৰ্ক, ভগৱান শিৱই কেনেকৈ বাস কৰিছিল কেদাৰনাথত…
- মেঘালয়ৰ সদ্য অৱসৰী DGP এল আৰ বিষ্ণইৰ বিৰুদ্ধে গোচৰ…
- ১০১ বছৰতো প্ৰাণৱন্তঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰিলে ফ্ৰান্সৰ ১০১ বছৰীয়া যোগ প্ৰশিক্ষক চাৰ্লট চোপিনে…
- ডোহা ডাইমণ্ড লীগ ২০২৪ঃ মাত্ৰ দুই চেণ্টিমিটাৰৰ বাবে দ্বিতীয় স্থানেৰে ৰূপৰ পদক লাভ নীৰজ চোপ্ৰাৰ…
- বিহাৰত কংগ্ৰেছৰ মুখপাত্ৰ বিনোদ শৰ্মাৰ দলৰ পৰা পদত্যাগ…
- কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলীত চোৰাং চিকাৰীৰ মৃত্যু…