যোৰহাটত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড : হাতুৰীৰে মূৰত আঘাত কৰি হত্যা কৰে এজনক

যোৰহাটৰ পুলিবৰ ধাপকটা মিলনপুৰত মঙলবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । হাতুৰীৰে মূৰত আঘাত কৰি চৰিফ কুৰেচি (৩২) নামৰ এজন ব্যক্তিয়ে হত্যা কৰে জাকিৰ আলী (২৩) নামৰ এজন যুৱকক । জানিব পৰা মতে  পৰাকীয়া প্ৰেমৰ বাবেই এনে ঘটনা সংঘটিত হয়। এই কথা ইতিমধ্যে স্বীকাৰ কৰিছে হত্যাকাৰীয়ে । অভিযোগ অনুসৰি জাকিৰ আলি আৰু হত্যাকাৰীৰ পত্নী তিনি সন্তানৰ মাতৃৰ মাজত আছিল দীৰ্ঘদিন ধৰি  প্ৰেমৰ সম্পৰ্ক । এই লৈ পূৰ্বেও বহু দুয়োৰে মাজত বাক বিতণ্ডা হৈছিল আৰু এই বিষয়ে পুলিবৰ আৰক্ষীক অৱগত কৰাও হৈছিল।সেই সময়ত আৰক্ষীৰ আগত জাকিৰে এনে কাম নকৰো বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল। ইয়াৰ পৰিবৰ্তে কিন্তু তিনি সন্তানৰ মাতৃৰ লগত সম্পৰ্ক আৰু মধুৰ হৈছিল জাকিৰৰ। মঙলবাৰে পুনৰ চৰিফ কুৰেছি আৰু জাকিৰৰ মাজত কথাৰ কটাকটি হোৱাত হাতত থকা হাতুৰীৰে কুৰেছিয়ে আক্ৰমণ কৰে জাকিৰ আলিক । এই আক্ৰমণৰ ফলত গুৰুতৰ ভাবে আহত হৈ ঠাইতে ঢলি পৰে জাকিৰ আলি, লগে লগে পৰিয়ালৰ লোকে যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও আজি পুৱতি নিশা মৃত্যু হয় জাকিৰ আলি ।আনহাতে মৃত যুৱক জনৰ ভাতৃয়ে জনোৱা মতে চৰিফ আৰু তেওঁৰ পত্নীৰ মাজত প্ৰায়ে সৃষ্টি হৈছিল কাজিয়া । কুৰেচিয়ে পত্নীক সন্দেহ কৰিছিল তেওঁ ভাতৃ জাকিৰৰ লগত । আৰু এই বিষয়ে অৱগত কৰিছিল স্থানীয় পুলিবৰ আৰক্ষী থানাত । পূৰ্বে চৰিফ কুৰেছিয়ে হত্যাৰ ভাবুকীয়ো দিছিল জাকিৰ আলীক । আৰু  মঙ্গলবাৰে জাকিৰে মোবাইল চাই থাকোতে পাছফালৰ পৰা হাতুৰীয়ে প্ৰহাৰ কৰে চৰিফে । ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব ঘটনাৰ প্ৰকৃত ৰহস্য ।

Related Articles