দৰঙৰ ব্যৱসায়িক নগৰ খাৰুপেটীয়াৰ ওৱাহাব নগৰত সামান্য বৰষুণ দিলেই পথত জমা হয় একাঠু পানী । খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পানবাৰী লৈ যোৱা সদা ব্যস্ত পথৰ এটা দৃশ্যই উদঙাই দিছে খাৰুপেটীয়া পৌৰ সভাৰ উন্নয়নৰ নমুনা । এজাক বৰষুণতেই পথত জমা হোৱা একাঠু পানীয়ে যমৰ যাতনা দিছে পথচাৰীৰ লগতে ব্যৱসায়ী সকলক । উল্লেখযোগ্য যে দলগাও সমষ্টিৰ ১৫ বছৰীয়া প্ৰাক্তন বিধায়ক ইলিয়াছ আলিৰ গৃহ ৱাৰ্ড ৭ নম্বৰৰ উক্ত পথ চোৱাত পানী নিষ্কাষণৰ বাবে নলা-নৰ্মদা নথকাৰ বাবেই সামান্য বৰষুণতেই পানী জমা হৈ পুখুৰীত পৰিনত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । উক্ত দীৰ্ঘদিনীয়া সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি দলগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়কৰ লগতে খাৰুপেটীয়া পৌৰ সভাৰ বৰমুৰীয়া সকলক বাৰম্বাৰ কাকতি মিনতি কৰিও সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ । অভিযোগ অনুসৰি , খাৰুপেটীয়া নগৰৰ উক্ত পথটো প্ৰায় দুবছৰ পূৰ্বে নিৰ্মাণ কৰাৰ সময়ত ঠিকাদাৰে কামত গাফিলতি কৰাৰ বাবেই কৃষি প্ৰদান অঞ্চলটোৰ কৃষক সকলৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে দুৰ্ভোগ ভুগিছে । খাৰুপেটীয়া নগৰৰ বিভিন্ন ৱাৰ্ডত নলা নৰ্মদা নিৰ্মাণ কৰা হৈছে যদিও ওৱাহাব নগৰৰ উক্ত দীৰ্ঘ দিনীয়া কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে নিৰ্মাণ হোৱা নাই নলা নৰ্মদা । সেয়ে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে এখন নলা নিৰ্মাণ কৰিবলৈ দলগাওঁ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মজিবুৰ ৰহমানক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ।

