পুৰণিগুদামত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও-কাৰ্বিআংলঙ সীমান্তবৰ্তী হায়ংথলত কেইদিনমান পূৰ্বে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে পুৰণিগুদাম আৰক্ষীয়ে এক ব্যাপক অভিযান চলায়  তিনিজন নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰী সহ ৪৬০৮টা নিচাযুক্ত কেপচুল আৰু ৭০০টা নিচাযুক্ত চিৰাপৰ বটল জব্দ হয় কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পাছতেই যোৱানিশা পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে উক্ত ড্ৰাগছ সৰবৰাহৰ মূল অভিযুক্ত পঙ্কজ বৰাক ননৈৰ পৰা গ‌্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।আজি পঙ্কজ বৰাক পুৰণিগুদাম আৰক্ষীয়ে আদালতত হাজিৰ কৰি ২ দিনৰ আৰক্ষীৰ জিম্মাত লয় ।

Related Articles