ডিব্ৰুগড়ত দুই ছাগলী চোৰক আটক

ক’ভিড পৰিস্থিতিৰ মাজত ডিব্ৰুগড়ত বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতে বিলাসী বাহনত ছাগলী কঢ়িয়াই নিয়াৰ অৱস্থাত দুজনক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ। ডিব্ৰুগড় চহৰৰ এইছ এছ ৰোডত এ এছ ০৬ জে ৫৮৬৩ নম্বৰৰ বিলাসী বাহনখনৰ পৰা ৮ টাকৈ চুৰি ছাগলী উদ্ধাৰ আৰক্ষীৰ। চুৰি কৰি অনা ছাগলীকেইটাৰ সৈতে আটক ৰাজীৱ কলিতা আৰু গুডু কৰ্মকাৰ নামৰ দুই গভাইত চোৰক। ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে গোচৰ ৰুজু কৰি প্ৰেৰণ ৰঙাঘৰলৈ।

Related Articles