ক’ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক ভূপেন্দ্ৰ নাথ শৰ্মাৰ নেতৃত্বত আজি দিনৰ ভাগত গুৱাহাটী সদৰৰ আবকাৰী চক্ৰই মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা ফটাশিল আমবাৰীৰ হৰিজন কলনী আৰু আঠগাঁওৰ উৰণীয়া সেতুৰ তলত চলোৱা অভিযানত ১৪ কার্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰা , ৫ কাৰ্টুন বিয়েৰ আৰু প্ৰায় ৫০০ লিটাৰ চুলাই মদ জব্দ কৰে । অৱশ্যে অভিযানকাৰী দলটোৱে এই সন্দৰ্ভত কোনো লোককে আটক কৰা নাই বুলি জানিব পৰা গৈছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…