নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে বিদ্যালয় চাফাইকৰণ অভিযান।ওদালগুৰি জিলা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত টংলা আঞ্চলিকৰ সহযোগত জিলাখনৰ চমুৱাপৰা মধ্যইংৰাজী বিদ্যালয়,প্ৰাথমিক বিদ্যালয়ত উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা সভাপতি লোহিত চন্দ্ৰ বড়োৱে।বিশ্বজুৰি ক’ভিড-১৯ মহামাৰীৰ প্ৰকোপৰ পৰা জীয়াই থাকিবলৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে বিদ্যালয় চাফ চিকুণ, বৃক্ষ ৰোপণৰ লগতে চেনিটাইজেচন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।অতিমাৰীৰ বাবে বিদ্যালয় সমূহ খোলা নাই যদিও সমগ্ৰ ওদালগুৰি জিলাৰ বিদ্যালয় ,মহাবিদ্যালয় সমূহত উক্ত কাৰ্যসূচী ৰূপায়িত কৰা হ’ব লগতে গুণগত শিক্ষা আৰু দক্ষতাৰ ওপৰতো মিছন চলোৱা হব বুলি জানিব দিয়ে জিলা এৱছু ‘ৰ সভাপতি লোহিত চন্দ্ৰ বড়োৱে।আজি উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শুভেচ্ছামূলক বক্তব্য ৰাখি খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ দিলীপ বড়োৱে কয় নিখিল বড়ো ছাত্ৰ সন্থাই লোৱা মহৎ কাৰ্যসূচীৰ জৰিয়তে নতুন প্ৰজন্মৰ লগতে জনসাধাৰণ সজাগ সচেতন নিশ্চয় হ’ব।বিটিআৰ চৰকাৰেও গাঁৱে -ভূঞে ,চহৰে- -নগৰে গণ সজাগতা অভিযান আৰম্ভ কৰি মহামাৰীৰ পৰা বাচিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।গুণগত শিক্ষাৰ ওপৰত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে আমি এৱছু ‘ৰ যুৱ বন্ধু সকলক ধন্যবাদ জ্ঞাপন কৰিলো। চমুৱাপাৰা মধ্যে ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অক্ষয় প্ৰসাদ ৰাভা, জিলা এৱছু’ৰ উপসভাপতি ৰবীন্দ্ৰ বড়ো,সাধাৰণ সম্পাদক নিজুমছা বড়ো ,টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি ৰাজীব বড়ো আৰু সাধাৰণ সম্পাদক গুমছাৰ বড়ো উপস্থিত উক্ত অনুষ্ঠানৰ পিছতে বিদ্যালয় চৌহদ ,গৃহ চেনিটাইজেচন,বৃক্ষ ৰোপণ আৰু চাফাইকৰণ অভিযান চলাই এৱছু’ৰ কৰ্ম -কৰ্তা সকলে।

