বোকাখাত মহকুমাৰ জাপৰি পথাৰত আজি পুৱা এটা মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ উদ্ধাৰ হোৱা মৃত ঢেকীয়াপতীয়া বাঘটো বনকৰ্মীৰ গুলিতেই মৃত্যু হোৱা বুলি বনবিভাগে জানিবলৈ দিয়ে ৷ স্থানীয় লোকৰ মতে কাজিৰঙাৰ পৰা ওলায় অহা এই বাঘটোয়ে বিগত দুটা দিন ধৰি অঞ্চলটোত বিচৰণ কৰি ফুৰিছিল ৷ বৃহস্পতিবাৰৰ দিনা বাঘটোয়ে জাপৰিপথাৰৰ দিলীপ বৰা নামৰ লোকজনৰ বাৰীত এজনী গৰু হত্যা কৰে আৰু মৃত গৰু জনী কিছুদুৰলৈকে চোচৰাই নিয়ে ৷ গাওঁবাসীয়ে চিঞৰ বাখৰ কৰাত গৰুজনী এৰি আঁতৰি যায় বাঘটো ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰত অৱস্থিত জাপৰি পথাৰ গাওঁৰ বাসিন্দাই আজি পুৱা মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহটো জাৰণিৰ এখনত প্ৰত্যক্ষ কৰে ৷ বাঘটো খেদি পঠিওয়াৰ লগতে গাওঁবাসীৰ নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখি বনকৰ্মী সকলে বাঘলৈ লক্ষ কৰি গুলীও ফুটাব লগীয়া হয় ৷ বনকৰ্মীয়ে মৰা এনে গুলীয়ে আহত কৰে বাঘটোক আৰু ঘটনাস্থলীৰ নাতিদুৰতে বাঘটোয়ে মৃত্যুক সাৱতি লয় ৷ আজি পুৱা বাঘটোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে ঘটনাস্থলীত কাজিৰঙাৰ সঞ্চালক, ডি এফ অ’ কে প্ৰমুখ্যে কৰি উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত ঘটনাৰ তদন্তৰ লগতে মৰোনোত্তৰ পৰীক্ষাৰো ব্যৱস্থা কৰে ৷ মৰোনোত্তৰ পৰীক্ষাত বাঘটোৰ শৰীৰত গুলীৰ আঘাত পোৱা হয় ৷ বনকৰ্মীৰ গুলীত এটা ঢেকীয়াপতীয়া বাঘৰ মৃত্যুয়ে এতিয়া চাঞ্চল্যৰো সৃষ্টি কৰিছে ৷ ঘটনাৰ সম্পৰ্কত তদন্তও আৰম্ভ কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ল আমেথিঃ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে…
- সামান্য সকাহঃ নিৰ্বাচনৰ মাজতে ৭ মে’ত কেজৰিৱালৰ অন্তৰ্ৱতীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে…
- সফলতাৰে পাঁচদিনীয়া আৱাসিক ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি…
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…