কাকপথাৰ সোনজান অঞ্চলৰ তিনি যুৱকৰ হাতত মৰণাস্ত্র::আলফা স্বাধীনত যোগদানৰ সন্দেহ

অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ডিৰাক সোনজান অঞ্চলৰ তিনিজনকৈ যুৱকৰ হাতত মৰণাস্ত্ৰ লৈ থকা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে তিনিচুকীয়া জিলাত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷ তিনিচুকীয়া জিলাৰ ডিৰাক সোনজান গাঁৱৰ অসীম মৰাণ ওৰফে মচৌ (১৮), মুকুট মৰাণ ওৰফে ধুনু (১৯) আৰু বৰডিৰাক গোসাই গাঁৱৰ বুধিন বৰগোহাঁই ওৰফে বনমালী ( ১৯) নামৰ যুৱক কেইজনে কৰ’ণা অতিমাৰীৰ সময়ত নিজৰ লগতে ঘৰখনক আর্থিকভাৱে সবল কৰি তুলিবলৈ কামৰ সন্ধানত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ খ্ৰাচাং আৰু জয়ৰামপুৰৰ কাঠৰ মিলত কাম কৰিবলৈ  এমাহৰ পূৰ্বেই  ঘৰৰ পৰা ওলাই গৈছিল । ল’ৰাকেইজনে  জয়ৰামপুৰৰ হনুমান টিম্বাৰত কাম কৰিছিল বুলি জানিব পৰা গৈছে । বিগত কিছুদিনৰ পৰা তেওঁলোকৰ ঘৰৰ সতে কোনো সংযোগ নাই । শেহতীয়াকৈ দুজন মান অস্ত্ৰধাৰী যুৱক আৰু এই ল’ৰা কেইজনে সামৰিক পোচাক পিন্ধি তোলা ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত ঘটনাটো পোহৰলৈ আহিছে ।  পৰিয়ালৰ লোকে লৰাকেইজনে  আলফা স্বাধীনত যোগদান কৰিছে বুলি সন্দেহ কৰিছে । পৰিয়ালৰ লোকৰ এটাই আহ্বান যি সংগঠনতেই যোগদান নকৰক কিয় তেওঁলোকক ঘূৰাই পঠাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে সগঠনৰ মুৰব্বীসকলক । 

Related Articles