পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত নিজ সৰাবাৰীত কৃত্ৰিমভাৱে পানী নিষ্কাশন

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত খাটৰদলৰ নিকটবৰ্ত্তী নিজ সৰাবাৰী, চিনাকোনা, শালৈপাৰা গাওঁৰ প্ৰায় ২০০০ পৰিয়ালৰ খেতি মাটি ২৫ বছৰ ধৰি পানীৰ তলত বুৰ গৈ আছিল ৷

এজাক ডাঙৰ বৰষুণৰ ফলত এই অঞ্চলৰ ৰাইজ কৃত্ৰিম বানত খেতি মাটি বুৰ যায় ৷ উল্লেখ্য যে হাতীমাৰা গোমোঠাপাৰা নামৰ ৰাষ্টাৰ দুয়োকাষে মাছ পালনৰ বাবে বৃহত আকাৰৰ পুখুৰীৰ পাৰ দিয়াত বৰষুণৰ পানী ওলাই যাৱ নোৱাৰি বানৰ সৃষ্টি হয় ৷

২৫ বছৰ ধৰি খেতি বাতি কৰিব নোৱাৰা এই অঞ্চলত কেৱল মেটেকাৰ বাবে বিখ্যাত হৈ পৰে অঞ্চলটি ৷ খাটৰদল নামে পৰিচিত দলনি খনৰ দুয়োকাষে নলাৰ সৈতে ৪৬ ফুট বহলৰ ৰাষ্টা আছিল বুলি জানিব দিয়ে চক্ৰ বিষয়া গৰাকীয়ে ৷ কিন্তু এতিয়া উক্ত ৰাষ্টাটি প্ৰায় নিচিহ্ন ৷

চক্ৰ বিষয়া অমৰজ্যোতি নাথ আৰু পাথৰিঘাট আৰক্ষীৰ উপস্থিতিত শুকুৰবাৰে আবেলি JCB লৈ পুখুৰীৰ পাৰ সমুহ কাটি কৃত্ৰিমবানৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰে ৷

কলাইগাওঁ চক্ৰ বিষয়া সুজাতা গোস্বামী মণ্ডল কাননগো সৰাবাৰীৰ VDP ৰুনু বৰুৱা গাওঁবুঢ়া বিপিন বৰুৱাক ধৰি অঞ্চলটোৰ বহু গন্যমাণ্য ব্যক্তি উপস্থিত থাকে ৷

Related Articles