গোৱালপাৰা জিলাৰ গোৱালপাৰা সদৰ বনাঞ্চলিকৰ বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত চলা এটাৰ পিছত এটা সফল অভিযানে অঞ্চলটোৰ বন ধংসকাৰী কাঠ মাফিয়াৰ নিদ্ৰা হৰণ কৰিছে। ঘটনাৰ বিবৰণি মতে যোৱা নিশা ৯:৩০ মান বজাত আগিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী আৰু গোৱালপাৰা সদৰ বনাঞ্চলিকৰ বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত বনকৰ্মীৰ দল আৰু অগিয়া আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পম খেদি বনাঞ্চলত অভিযান চলাই গৰাই মাৰী বনাঞ্চলত বহু পৰিমাণৰ মুল্যৱান কাঠৰ কুণ্ডা সহ এখন অৱৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মিলত গছ কাটি থকাৰ সময়তে বনআৰক্ষীৰ উমান পাই ঘটনাস্থলীৰ পলাই সাৰিবলৈ সক্ষম হয় দুৰ্বিত্তৰ দল টোয়ে। জব্দকৃত কাঠৰ কুণ্ডা খিনি ইতিমধ্যে গোৱালপাৰা সদৰ বনাঞ্চলিক কাৰ্যালয় লৈ আনে বন কৰ্মীয়ে।কাঠ খিনিৰ আনুমানিক বজাৰত মুল্য ১’৫০.০০০ টকা হ’ব।এনেকৈয়ে এচাম কাঠ মাফিয়াই বন ধংসৰ যজ্ঞ চলাই আহিছে ৷হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনে পৰিবনে নাকী লগাব সেই সকল দুস্ক্তিকাৰিক?গোৱালপাৰা সদৰ বনাঞ্চলিক বন বিষয়া শান্তনা মেধি ,আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী, আৰু উপ আৰক্ষী বিষয়া পূৰ্ণ দাসৰ এই সফল অভিযানত ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ সচেতন মহলে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…