নলবাৰীৰ ক্ৰীড়াক আৰু অধিক সক্ৰিয় কৰিবলৈ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ সচিব জয়ন্তমল্ল বৰুৱাই উঠিপৰি লাগিছে। নৱদ্বীপ খ্যাত নলবাৰীক শিক্ষাৰ লগতে ক্ৰীড়াৰ জড়িয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লৈ যোৱা কালি আধৰুৱা হৈ থকা নৰ্থ কামৰূপ ষ্টেডিয়ামৰ ইনডোৰ হ’ল আৰু চুইমিং প’লৰ কাম অতি খিপ্ৰতাৰে কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়ে। ঠিকাদাৰৰ টকা-পইচাই যাতে কামৰ হেঙাৰ হ’ব নোৱাৰে ইয়াৰ বাবে শকিয়নীও প্ৰদান কৰা হৈছে। যোৱা ১৬ জুন তাৰিখে পূব নলবাৰী ক’চিং চেণ্টাৰৰ নিয়মীয়া খেলুৱৈ তথা ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ কল্পনা কলিতাৰ ঘৰত বিধায়ক নিজেই উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিৰ পৰা ৫০ হেজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে। জিলা খনত প্ৰতিভাৱান খেলুৱৈ সকলৰ বাবে নলবাৰীত আন্তঃ গাঠনিৰ অভাৱ বহুদিনীয়া। ৬৬ বিঘা মাটিৰে সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত গ্ৰীন গেলাৰী স্থাপন হৈছে যদিও তাত এখন পূৰ্ণঙ্গ ষ্টেডিয়াম বহুদিনৰ পৰা ৰাইজে আশা কৰি আছে। সাগৰকুছি মিনি ষ্টেডিয়ামতো ২৫ বিঘা মাটি আছে তাতো ক্ৰীড়াৰ উন্নতিৰ বাবে উদ্যোগ ল’ব পাৰে। এইখিনি কাম সম্পূৰ্ণ হৈ উঠিলে নিশ্চিত ভাৱে খেলুৱৈ সকল যথেষ্ট উপকৃত হ’ব। নলবাৰীত ফুটবল, ভলীবল, ক্ৰিকেট, এথলেটিকছ, কাবাডী, হেণ্ডবল, খো-খো, টাইকোৱানডো, ইত্যাদি খেলৰ প্ৰশিক্ষণ চলি আছে। যদিওঁ খেলুৱৈ সকলে পোৱা নাই অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণ। আন্তঃ গাঠনিৰ অভাৱেও খেলুৱৈ সকলৰ সদইচ্ছাক ৰোধ কৰিব পৰা নাই। নিজৰ সাহস, একাগ্ৰতাৰ বলতে যিসকল খেলুৱৈয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ পাৰদৰ্শীতা দেখুৱাবলৈ সক্ষম হৈছে সেই সকল খেলুৱৈ ধন্যবাদৰ পাত্ৰ। এই সকল খেলুৱৈক যদি পদ্ধতিগত প্ৰশিক্ষণৰ ব্যাৱস্থা কৰিব পৰা যায় তেতিয়াহলে নিশ্চিতভাৱে নলবাৰীৰ ক্ৰীড়াও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিবলৈ সক্ষম হ’ব। কালি উপায়ুক্ত কাৰ্য্যালয়ত নলবাৰীৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওঁগ, বিধায়ক জয়ন্তমল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, ক্ৰীড়া আয়ুক্ত মলয় বৰা, ক্ৰীড়া আৰু যুৱকল্যাণৰ সঞ্চালক পৱিত্ৰৰাম খাউণ্ডে নলবাৰীত ক্ৰীড়াৰ ভবিয্যত পৰিকল্পনাৰ ওপৰত এক পৰ্য্যালোচনা সভাত মিলিত হয়। ইয়াৰ পিছত নলবাৰীৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাৰ লগত ক্ৰীড়া আয়ুক্ত, সঞ্চালক, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিৎ শইকীয়াই নলবাৰী মহাবিদ্যালয় খেলপথাৰ পৰিদৰ্শন কৰি তাত এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মান কৰাৰ বাবে প্ৰস্তুতি হাতত লোৱাৰ কথা জানিব পৰা গৈছে। ক্ৰিকেট ষ্টেডিয়ামখন হৈ উঠিলে ক্ৰিকেটাৰ সকলৰ বহুদিনীয়া অভাৱ পূৰণ হ’ব বুলি নলবাৰীৰ ক্ৰীড়া মহলে মন্তব্য প্ৰকাশ কৰিছে। নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ নলবাৰী সমষ্টিৰ জনপ্ৰীয় বিধায়ক জয়ন্তমল্ল বৰুৱাই নলবাৰীৰ ক্ৰীড়াক আগবঢ়াই নিবলৈ যি উদ্যোগ গ্ৰহন কৰিছে তাৰবাবে সৰ্বত্ৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ভবামতে কাম বিলাক হৈ উঠিলে অসমক ক্ৰীড়াৰ ৰাজধানী কৰিব বিছৰা চৰকাৰখনৰ পৰিকল্পনাত নলবাৰীয়ে মুখ্যভূমিকা পালন কৰিব বুলি কলেও বঢ়াই কোৱা ন’হব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…
- ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…
- পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত…
- পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…
- শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…