যোৱা ১১ জুন তাৰিখে কোকৰাঝাৰ জিলাৰ অভয়াখুটিত সংঘটিতত নৃশংস হত্যা কাণ্ডৰ উচিত তদন্ত কৰি নৰপিশাসক কেইটাক ফাষ্ট্ৰেক্ট আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া চলাবলৈ ফাঁচী দিয়াৰ দাবীত ওদালগুৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে ভেৰগাঁওত ধৰ্ণাকাৰ্যসূচী ৰূপায়ন কৰে। সমাইনা ৰাভা আৰু ৰবিতা ৰাভাৰ হত্যাকাৰী সকলক আৰক্ষীয়ে আটক কৰিছে যদিও তদন্তৰ খাতিৰত হত্যাকাৰীক দৃষ্টান্ত মূলক ভাবে শাস্তি প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে অতি সোনকালে হত্যাকাৰীক ফাচট্ৰেকৰ জৰিয়তে ফাঁচীকাঠত ওলোমাবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছেঁ ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাই। উক্ত প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে-কাৰ্ড লৈ কয় যে অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা ধৰ্ষণ বা হত্যাকাণ্ড ৰোধ কৰিবলে হলে কালপ্ৰিত সকলক ফাঁচীকাঠ উলোমালেহে ৰোধ হব সেয়েহে অতি শীঘ্ৰে হত্যাকাৰীক ফাঁচী দিবলৈ অনুৰুধ জনাইছে।

