ধৰাৰ বুকুলৈ পলমকৈ হলেও বৰষুণজাক নামি অহাৰ লগে লগে এতিয়া গাঁৱে গাঁৱে চহা কৃষকৰ ব্যস্ততা বাহি আহিছে। যিহেতু কৃষক সকলে এতিয়া সপোন দেখিছে কেৱল খেতিৰ মাটি দৰাত কেনেকৈ সময়মতে কঠিয়া ৰূপন কৰি বছৰটোৰ বাবে ভাত মুঠি যোগাৰ কৰিব পাৰি। এই সময় হৈছে কেৱল কৃষকৰ ,সেইয়ে সকলো চহা কৃষক নামিছে পথাৰত আৰু ব্যস্ত হৈ আছে আপোন পথাৰখনত মাটি চহোৱাত।বিশেষকৈ এইবাৰ মিনি লকডাউনে বহুতকে পথাৰত নমাত সহায়হে কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে ডিমৌৰ কাষৰীয়া ধেমেচীত ট্ৰেক্টৰ লৈ পথাৰত হাল বাই এইগৰাকী কিশোৰী সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। কিশোৰীগৰাকীয়ে নিজে হাতেৰে ষ্টেৰিং পোনাই চাৰি নম্বৰ গিয়েৰত চহাই গৈছে এবিঘাৰ পিছত আন এবিঘা মাটি। লকডাউনৰ সময়ত ঘৰতে থাকি আমনি লগাত দেউতাকক হাল হোৱাত সহায় কৰিছে কিশোৰী আয়ত্ৰী বুঢ়াগোহাঁইয়ে। মৰাণ বিধান সভা সমষ্টিৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আয়ত্ৰী বুঢ়াগোহাঁই । কিশোৰী আয়ত্ৰীয়ে ১১ বছৰ বয়সৰ পৰাই ট্ৰেক্টৰ চলাবলৈ শিকিছিল । পঢ়াৰ লগতে ফুটবল খেলি ভালপোৱা আয়ত্ৰীয়ে সুন্দৰ কাম বাবে এতিয়া সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।কিশোৰীগৰাকীৰ পিতৃ ধেমেচী নিবাসী তথা অঞ্চলটোৰ এজন সফল কৃষক গজেন বুঢ়াগোহাঁইয়ে দুখন ট্ৰেক্টৰ লৈ গত সময়ত হাল বাই পৰিয়ালটো পোহপাল দি আছে। এই কৰ্মত এতিয়া কন্যাই পিতৃৰ সহায় কৰি দিয়াত অত্যন্ত সুখী পিতৃ মাতৃ দুয়ো।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলীত চোৰাং চিকাৰীৰ মৃত্যু…
- হালধিৰ গাখীৰ নে হালধিৰ পানী, জানেনে আপোনাৰ স্বাস্থ্যৰ বাবে কোনটো ভাল…
- গৰমৰ দিনত কঁঠাল খােৱাটো শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় জানক…
- শিৱসাগৰত বিশিষ্ট সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱাক ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান অসম ৰাজ্যিক সাংবাদিক সন্থাৰ…
- বাৰৰ বাহিৰত অথন্তৰ! তিনি সুৰাসক্ত যুৱতীৰ প্ৰহাৰত আহত আৰক্ষী, যুৱতীয়ে চিঙি পেলালে ইউনিফৰ্ম…
- ভাৰতীয় ষ্টক মাৰ্কেটৰ পতনৰ সময়ত এফএমচিজি আৰু মিডকেপ ষ্টক বৃদ্ধি…
- ভাৰতৰ প্ৰায় ৫৬ শতাংশ ৰোগ খাদ্যৰ পৰাই হয় বুলি এক অধ্যয়নত প্ৰকাশ…
- হাটশিঙিমাৰীৰ পথ দুৰ্ঘটনাত গৰুভৰ্তি তীব্ৰবেগী পিকআপ বাহনৰ খুন্দাত নিহত মহিলা…
- ৰাজ্যত আবকাৰী বিভাগৰ প্ৰতিখন জিলাৰ সুৰা বিপণিক সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ…
- কলেষ্টেৰলো হ্ৰাস পাব আৰু শৰীৰো ঠাণ্ডা হ’ব! তাৰ বাবে কোনবোৰ ফল নিয়মিতভাৱে খাব, জানি লওক…