কানাডাৰ পৰা বিশেষ বিমানেৰে বৰঝাৰ বিমান বন্দৰলৈ আহিল ৫,২৭৪ কেজি অক্সিজেন

ক’ভিড কেন্দ্ৰীক পৰিস্থিতিত আক্ৰান্ত লোকসকল চিকিৎসালয়ত যাতে অক্সিজেনৰ নাটনীত ভুগিব লগা নহয় তাৰ বাবে  ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিয়েও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । এই ব্যৱস্থাৰ অধীনত ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিয়ে চিকিৎসালয় সমূহত ৰোগীৰ বাবে  প্ৰয়োজনীয়  অক্সিজেনৰ ব্যৱহাৰ সুচল কৰিবৰ বাবে সুদূৰ কানাডাৰ পৰা ভাৰতলৈ বিমানেৰে  অক্সিজেন কনচুলেটৰ অনাৰ ব্যৱস্থা কৰিছে  । আজি  পূৱতি নিশা অসমৰ বাবে কানাডাৰ পৰা এখন বিশেষ বিমান নতুন দিল্লীহৈ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰে । কানাডাৰ ভল্গা ডেনইপিৰ নামৰ বিমান সংস্থাটোৱে আই এল – ৭৬ বিমানখন সন্ধিয়াৰ  ভাগত প্রথমতে নতুন দিল্লীত অৱতৰণ কৰে । তাত যাবতীয় অক্সিজেন কনচুলেটৰ নমোৱাৰ পাচত পুনৰ মাজনিশা বৰঝাৰ অভিমুখে উৰা মাৰে আৰু পুৱতি নিশা ২.৪৫ বজাত বৰঝাৰত অৱতৰণ কৰে । আনহাতে ৫,২৭৪ কেজি ওজন অক্সিজেন লৈ অহা কনচুলেটৰ খিনী সদ্যহতে গুৱাহাটীৰ উপৰি ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা শিলচৰ আৰু কৰিমগঞ্জত ৰখা হব । স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি এই অক্সিজেন কনচুলেটৰ সমূহ সহজতে যতে ততে নি ৰোগীক সংযোগ কৰিব পাৰি  ।

Related Articles