কোভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ বাবে পৰিপ্ৰেক্ষিতত গুৰুত্ব প্ৰদান কৰি চৰকাৰে জাৰি কৰিছে সান্ধ্য আইন । কিন্তু এই সান্ধ্য আইনৰ সময়চোৱাত এতিয়া দিন-হাজিৰা,মজদুৰী কৰা শ্ৰমজীৱী লোক সকলক কৰ্মৰ অভাৱত আৰ্থিক ভাৱে জুৰুলা হব লগা হৈছে । যাৰ বাবে দিন-হাজিৰা,মজদুৰী কৰা শ্ৰমজীৱী লোক সকলে এতিয়া নিজৰ পৰিয়ালৰ বাবে এমুঠি অন্ন যোগান ধৰিব নোৱাৰা হৈছে । সেইমৰ্মে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ নলবাৰী জিলা ৰান্ধনী সন্থাই এই সান্ধ্য আইনৰ বাহাল থকা সময়লৈকে কাতৰ আহ্বান জনাইছে । কৰোনা মহামাৰীৰ ফলত ব্যক্তিগত ৰান্ধনী সকলে পেতৰ ভাত মুঠিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে । ৰান্ধনী সকলে ৰন্ধা-বঢ়া কাৰ্যত ব্যৱহাৰ কৰা সজুলী বিক্রি কৰি তাৰ পৰা পোৱা টকাৰে এখাজ খাই এখাজ লঘোনে থাকি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । কৰোনা মহামাৰীৰ বাবে বন্ধ হোৱা বিবাহ, সভা,পুজা,অনুষ্ঠান আদিত ৰন্ধন কাৰ্য কৰি পৰিয়াল পোহপাল দিয়া ৰান্ধনী সকল এতিয়া মহাবিপাঙত পৰিছে । ৰান্ধনী সকলৰ পৰিয়াল সমুহে এতিয়া এসাজ খাই এসাজ লঘোনে দিন অতিবাহিত কৰিব লগীয়া হোৱাত পৰিলক্ষিত হৈছে । ইফালে স্থানীয় বিধায়ক তথা পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ৰান্ধনী সকলৰ দুখৰ দিনত এবাৰলৈও খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰান্ধনী সন্থাই । বিবাহ, সভা, অনুস্থান, প্ৰতিষ্ঠানত ৰন্ধন কাৰ্য সম্পাদন কৰি পৰিয়াল পোহপাল দি কোনোমতে চলি অহা ৰান্ধনী সকলে সান্ধ্য আইনৰ বাবে তেওঁলোকৰ কৰ্মৰ পৰা দূৰৈত থাকিব লগীয়া হোৱাত চৰম আৰ্থিক দৈন্যতাত ভুগিব লগীয়া হোৱা বুলি মত ব্যক্ত কৰে জিলা ৰান্ধনী সন্থাৰ সভাপতি ভৈৰব বৰ্মন আৰু সম্পাদক অজিৎ গোস্বামীয়ে । আজি নলবাৰীৰ শোলমাৰাত আক্ৰান্ত ৰান্ধনী সকলে মিলিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাই এককালিন সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনাই । অন্যথা পৰিয়াল সমুহৰ লঘোনে দিন অতিবাহিত কৰিব লাগিব বুলিও মনৰ ক্ষোভ ব্যক্ত কৰে ৰান্ধনী সন্থাই ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল…
- কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ
- পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?
- বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…