পুণৰ অসুস্থ হৈ পৰিছে নটসূৰ্য্য ফণী শৰ্মা বঁটাপ্ৰাপক জামুগুৰিহাটৰ শিল্পী ভোলা কটকী : আশু আৰোগ্য কামনা দল সংগঠণৰ

পুণৰ শাৰিৰীক অসুস্থতাত ভুগিছে জামুগুৰিহাটৰ প্ৰবীন চলচিত্ৰ অভিনেতা তথা নটসূৰ্য্য ফণী শৰ্মা বটাপ্ৰাপক ভোলা কটকী৷উচ্চ ৰক্তচাপজনীত ৰোগত আক্ৰান্ত প্ৰবীন নাট্যকৰ্মীগৰাকী বৰ্তমান টুমুকিস্থিত তেজপুৰ মেডিকেল কলেজত ভৰ্তি হৈ আছে৷কালি নিশা প্ৰায় ১০ বজাত সংগীয়া মাজৰ চুক গাঁৱৰ নিজা বাসভৱণত নিশাৰ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতেই শিল্পীগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ সংজ্ঞাহীন হৈ পৰে আৰু ততাতৈয়াকৈ পৰিয়ালৰ লোকে এম্বুলেঞ্চ সেৱাৰ জৰিয়তে ধলাইবিলস্থিত উত্তৰ জামুগুৰি ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও শিল্পীগৰাকীৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে  তেজপুৰ মেডিকেল কলেজলৈ নিয়াৰ পৰামৰ্শ আগবঢ়ায়৷নিশাই পৰিয়ালৰ লোকে তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰাই যদিও শিল্পীগৰাকীৰ স্বাস্থ্য তথা চিকিৎসাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে আজি শিল্পী ভোলা কটকীক আইচিইউত ভৰ্তি কৰাইছে বুলি জানিব পৰা গৈছে৷পৰিয়ালৰপৰা জানিব পৰামতে মগজুৰ তিনিটা স্থানত মৃদু ৰক্তক্ষৰণ হোৱাৰ বাবেই শিল্পীগৰাকীক আইচিইউত ভৰ্তি কৰিবলগীয়া হৈছে৷জ্যোতি-বিষ্ণু-ফণী শৰ্মা-শোণিতকোঁৱৰ গজেণ বৰুৱা-ড° ভূপেন হাজৰিকাৰ সান্মিধ্যৰে নিজৰ অভিনয় জীৱণ আগবঢ়াই নিয়াত অপৰিসীম প্ৰেৰণা লাভ কৰা ভোলা কটকীয়ে প্ৰতিক্ৰীয়া,বিভ্ৰাট,দস্যুৰাণী পুতলীবাই,স্বপ্নভংগ,শৰাইঘাটকে ধৰি ১৫০ খনৰো অধিক নাটকত অভিনয় কৰাৰ লগতে অনিৰ্বাণ,সাদৰি,ৰাজা,উব্বৰ্শী,জ্বলাঞ্জলীকে ধৰি ৫ খন চলচিত্ৰত আৰু ৬ খনকৈ ধাৰাবাহিকত অভিনয় কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছিল৷আজীৱন সুন্দৰৰ সাধনাত ব্ৰতি শিল্পীগৰাকীৰ শীঘ্ৰে আশুআৰোগ্য কামনা কৰিছে বিভিন্ন দল সংগঠনে৷

Related Articles