ডিমৌত ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈৰ দুৰৱস্হা : ডিঙিত মেডেল পিন্ধি পাচলি বেপাৰ কৰি পৰিয়াল পোহপাল

অসমৰ গৌৰৱ ডিমৌ হেণ্ডবল ক্লাৱৰ এজন ৰাষ্ট্ৰীয় খেলুৱৈৰ দুৰৱস্হা। সুদীৰ্ঘ সময় হেণ্ডবল খেলত সময় দি ৰাজ্যৰ লগতে জিলালৈ গৌৰৱ কঢ়িয়াই অনা ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ তথা ডিমৌ হেণ্ডবল ক্লাৱৰ সদস্য কৈলাশ চাওৰাৰ এতিয়া পৰিয়ালৰ লগতে নিজৰেই চলিবলৈ হাহাকাৰ লাগিছে। কোভিড অতিমাৰীৰ বাবে চলি থকা মিনি লক ডাউনৰ প্ৰভাৱৰ বাবেই যেন পদপথত অাহিবলগা হৈছে ৰাষ্ট্ৰীয় খেলুৱৈজন । ডিঙিত মেডেল তথা পদক পিন্ধি  বিক্ৰি কৰিছে বিভিন্ন শাক পাচলি। কেৱল পৰিয়াল চলোৱাৰ তাড়নাতে এইজন ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ কৈলাশ চাওৰাই বাছি লৈ শাক পাচলি বিক্ৰি কৰিবৰ বাবে। পুৱাৰে পৰা দিনৰ বাৰ বজালৈকে প্ৰতিদিনাই  কোভিড প্ৰটকল মানি পাচলি বিক্ৰি কৰিছে। ডিমৌ কলিয়াপানী গাওঁৰ নিবাসী ৰাষ্ট্ৰীয় খেলুৱৈ কৈলাশ চাওৰাৰ এই কৰ্মত ৰাইজে সহাঁৰি জনোৱাৰ লগতে এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম অক্ষুন্ন ৰাখিবলৈ সক্ষম হোৱা খেলুৱৈ সকলক সংস্থাপন দিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে এই সকল দৰিদ্ৰ পৰিয়ালৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক অসম চৰকাৰৰ এক লাখ নিযুক্তিত অন্তৰ্ভুক্ত কৰিবলৈ ডিমৌবাসীয়ে আহ্বান জনাইছে।

Related Articles