কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আজি মৃত্যু দিৱস উপল্যক্ষে ৰাজ্যজুৰি অনুষ্ঠিত কৰিছে ৰাভা দিৱস ৷ সম্প্ৰতি কোৰোনা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে পৃথকে পৃথকে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিছে ৰাভা দিৱস ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জয়সাগৰ-বৰতলা মণ্ডল যুৱ কংগ্ৰেছে ৰাভা দিৱস উপল্যক্ষে স্থানীয় কে’বাগৰাকীও শিল্পীক সম্বৰ্ধনা জনায় ৰাভা দিৱস উদযাপন কৰা দেখা যায় ৷ মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি অমল বৰ্মনৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ দল এটিয়ে জয়সাগৰ-বৰতলা গাঁও পঞ্চায়ত আৰু কেকান-কাপলাবড়ী গাঁও পঞ্চায়তৰ কে’বাগৰাকীও শিল্পীৰ ঘৰে ঘৰে গৈ শিল্পী সকলক গামোছা পিন্ধাই সন্মান প্ৰদৰ্শন কৰে ৷ গাঁও পঞ্চায়ত দুখনৰ ওজা শিল্পী ক্ৰমে ৰবীন বৰ্মন,সুৰেন বৈশ্য ,নাগাৰা নাম দলৰ পাঠিকা অনিমা দাস,ভ্ৰাম্যমানৰ থিয়েটাৰৰ বিশিষ্ট অভিনেতা ভাস্কৰ বৰ্মন, বাহী বাদক নৃপেন বৈশ্য, বেমপাৰ্টীৰ পেপা বাদক কমলা বড়োসহ কে’বাগৰাকীও শিল্পীক গামোছা আৰু এখম কিতাপৰ উপহাৰ দি ৰাভা দিৱস উদযাপন কৰে ৷

