ৰাজ্যৰ এক লক্ষ নিবনুৱাক ডেৰ বছৰৰ ভিতৰত নিযুক্তি প্ৰদান কৰা হ’ব । শক্তিখণ্ডৰ উন্নয়নৰ বাবে ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিয়া হৈছে। এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ; সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি সোণাৰিত উপস্থিত হৈ চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড-১৯ আৰু চৰাইদেউ জিলাৰ উন্নয়নৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। মন্ত্ৰী বিমল বৰাৰ উপৰিও উক্ত পৰ্যালোচনা সভাত অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগু; অতিৰিক্ত উপায়ুদ্বয় মৌচুমী চেতিয়া আৰু জাভেড আৰমানৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰে। উক্ত পৰ্যালোচনা সভাত মন্ত্ৰী বৰাই চৰাইদেউ জিলাৰ সাম্প্ৰতিক ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত বুজ লৈ আগন্তুক দিনত এই সন্দৰ্ভত ল’বলগা ব্যৱস্থা সম্পৰ্কে জিলা উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলক অৱগত কৰে। ভেকচিনৰ ষ্টক, ভেকচিনৰ কেন্দ্ৰ, চেনিটাইজেশ্যন,মাস্ক পৰিধান আৰু চৰাইদেউ জিলাৰ ক’ভিড-১৯ ৰ পৰিসংখ্যা আদি বিভিন্ন বিষয়ৰ ওপৰত সূক্ষ্মভাৱে পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰিও চৰাইদেউ জিলাত নিৰ্মীয়মান বিভিন্ন বিভাগৰ কাৰ্যালয় গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, সৌৰশক্তি চালিত পাম্প, খেলপথাৰ উন্নয়ন, মাংস আৰু গাখীৰৰ চাহিদা পূৰণ কৰিব পৰাকৈ ল’ব লগা ব্যৱস্থা, গাঁও পৰ্যায়ৰ ক’ভিড ব্যৱস্থাপনা সমিতি স্থাপন, আই চি ইউ নিৰ্মাণ, স্থানীয় যুৱকৰে উন্নয়নমূলক কামৰ চাহিদা পূৰণ, মৎস্য উৎপাদন তথা উন্নয়ন, ভূমি পট্টা বিতৰণ, চালক সজাগতা শিবিৰ, মাদক দ্ৰব্য নিবাৰণ সন্দৰ্ভত বাটৰ নাট প্ৰদৰ্শন আদি বিভিন্ন বিষয়ৰ ওপৰত পুংখানুপুংখ ভাৱে আলোচনা কৰি বিভাগীয় মূৰব্বীসকলক তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। মন্ত্ৰী বিমল বৰাৰ উপৰিও মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও সভাত বক্তব্য ৰাখে। আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উপায়ুক্ত বিনীতা পেগুৱে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটীৰ লখৰাৰ পিঠাগুৰিৰ ১০নং গৃহত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ…
- চাৰণ বিলৰ মনোৰম পৰিৱেশত ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকৃতি সজাগতা শিবিৰ, বন ধ্বংসৰ দৰে অবিবেচকী কাম-কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ আহ্বান জিলা আয়ুক্তৰ…
- এ আই ইউ জ’নেল আন্তঃ বিশ্ববিদ্যালয় উডবল টুৰ্নামেণ্টঃ ১ টা সোণ, ২ টা ব্ৰঞ্জৰ পদেকেৰে ভূপালত জিলিকিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
- ভাৰতীয় ক্ৰিকেট দলে শীঘ্ৰে নতুন প্ৰশিক্ষক লাভ কৰাৰ সম্ভাৱনা…
- প্ৰাক্তন খেলুৱৈ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল ৰেফাৰী, প্ৰশিক্ষক সুনীল গোস্বামী…
- ধাৰাবাহিক সাফল্যৰে উজলিল নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়…
- অসমৰ বাবে সুখবৰ! মুক্তি লাভৰ পূৰ্বেই কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হ’ব অসমত নিৰ্মিত হিন্দী ছবি ‘কুকি’…
- নামখলালৈ গৌৰৱ কঢ়িয়ালে মৌচুমী মাধুৰীয়ে…
- গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটৰ প্ৰশংসনীয় পদক্ষেপঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য-সম্বৰ্ধনা…
- লাহৰীঘাট গ’ল্ডেন চিনিয়ৰ চেকেণ্ডাৰী স্কুলত কৃতি ছাত্র-ছাত্রীক অভিনন্দন…