মৰিগাঁও জিলাৰ ভূৰাগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বালিডোঙাত গাৱঁত বৰিবাৰে সংঘটিত হৈছিল এক নাৰকীয় ঘটনা। গাওঁখনৰে আকাবৰ আলীৰ কণ্যা ছুমি আনছাৰি নামৰ ৯ বছৰীয়া শিশুক কোনোবা দুৰ্বৃত্তই হত্যা কৰি পেলাই থয় মৰাপাট খেতিৰ মাজত। উক্ত নাৰকীয় ঘটনাক কেন্দ্ৰ কৰি আজিজ অঞ্চলজুৰি অব্যাহত আছে চেপা উত্তেজনা। উক্ত ঘটনাৰে জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি ফাচিঁ দিয়াৰ দাবীত ভূৰাগাওঁ বজাৰত যোৱা কালি ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

