BREAKING দোষমুক্ত কৃষক নেতা! জামিন লাভ কৰিলে অখিল গগৈয়ে

আজি এন আই এ আদালতত হাজিৰ কৰোৱা হয় অখিল গগৈক ।

চাবুৱা থানাৰ গোচৰত জামিন লাভ। NIA আদালতে দোষমুক্ত কৰে গগৈক।

অখিল গগৈৰ ওপৰত এতিয়া চানমাৰী থানাৰ শুনানি বাকী আছে।

এই ক্ষেত্ৰত অধিবক্তাই কয় যে NIA ৰ দুটা গোচৰ আছিল। চান্দমাৰী আৰু চাবুৱা থানাৰ গোচৰ। চাবুৱা থানাৰ গোচৰত জগজিত গোঁহাই, ভূপেন গগৈ আৰু অখিল গগৈক দোষমুক্ত কৰে। অৱশ্যে অখিল গগৈয়ে পূৰ্বতে এই ক্ষেত্ৰত জামিন লাভ কৰিছিল। অৱশ্যে ভাস্কৰজ্যোতি ফুকনে লাভ কৰা নাই জামিন।

কিন্তু আজিৰ পৰা চাবুৱাৰ গোচৰত মু্ক্ত অখিল গগৈ। উল্লেখ্য যে আৰক্ষীৰ দাঁত ভগা বুলি চাবুৱাত গোচৰ ৰুজু হৈছিল।

উল্লেখ্য যে, চানমাৰী থানাৰ গোচৰত জামিন লাভ কৰা নাই গগৈয়ে।আজিও এই গোচৰৰ শুনানি আছে। কিছুদিন পিছতে ইয়াৰ ওপৰত শুনানি শেষ হ’ব।

Related Articles