অসম চৰকাৰৰ শেহতীয়া এক সিদ্ধান্তৰ বাবে একাংশ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আধা কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা যিবোৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এশতকৈ কম, প্ৰতিটো শ্ৰেণীত চল্লিশজনতকৈ কম থকা আৰু এক কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা উচ্চ প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত চৰকাৰীভাৱে জাৰি কৰা নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত পূব নলবাৰী শিক্ষাখণ্ডৰ অধীনস্থ ১নং খাতা মণ্ডল সমল কেন্দ্ৰৰ এখন জৰুৰী সভা কালি ক্ষুদ্ৰচেনিকুছি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। ক’ভিড প্ৰ’ট’কল সম্পূৰ্ণৰূপে মানি অনুষ্ঠিত সভাখনত পৌৰহিত্য কৰে সমল কেন্দ্ৰটোৰ সমন্বয়ক সুভাষ বৰ্মনে। সভাখনত উত্তৰ পূব খাতা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়-ক্ষুদ্ৰচেনিকুছি প্ৰাথমিক বিদ্যালয় আৰু দিব্যজ্যোতি বালিকা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়-প্ৰেম নাৰায়ণ প্ৰাথমিক বিদ্যালয়-৮৩৩নং গন্ধিয়াতোলা প্ৰাথমিক বিদ্যালয়ৰ একত্ৰীকৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। সমন্বয়ক সুভাষ বৰ্মনে বিভাগীয় নীতি-নিৰ্দেশনাখিনি তুলি ধৰাত শিক্ষকসকলে বিদ্যালয় পৰিচালনা সমিতিৰে প্ৰস্তাৱটো আলোচনা কৰাৰ পোষকতা কৰে যদিও চৰকাৰীভাৱে সময় নিদিয়াত শিক্ষকসকল বিপাঙত পৰে। আজি উত্তৰ পূব খাতা বিদ্যাপীঠৰ হৈ প্ৰধান শিক্ষক ৰজনী কান্ত হালৈ, জ্যেষ্ঠ সহঃ শিক্ষক অমূল্য তালুকদাৰ, ক্ষুদ্ৰচেনিকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী যামিনী দাস, দিব্যজ্যোতি বালিকা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক যাদব দাস,সহঃ শিক্ষকদ্বয় অৰবিন্দ ডেকা আৰু চক্ৰধৰ পাঠক, প্ৰেম নাৰায়ণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেবেন দাস আৰু ৮৩৩নং গন্ধিয়াতোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যতীন বৈশ্যই নিজ নিজ অভিমত তুলি ধৰে। বিদ্যালয়ৰ একত্ৰীকৰণৰ কথাখিনি প্ৰচাৰ হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশই একত্ৰীকৰণ প্ৰক্ৰিয়া আদৰণি জনোৱাৰ বিপৰীতে আন একাংশই অসমীয়া মাধ্যমৰ বিদ্যালয় ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা ব্যক্ত কৰে।

