ক’ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত কালি দিনৰ ভাগত গুৱাহাটী সদৰ আবকাৰী চক্ৰই মহানগৰীৰ ফটাশিল আমবাৰীৰ হৰিজন কলনী আৰু শৰাইঘাট দলঙৰ কাষৰীয়া আমিনগাঁও বজাৰত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় ।আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা ফটাশিল আমবাৰীৰ হৰিজন কলনীত চলোৱা অভিযানত প্ৰায় ৫০ লিটাৰ চুলাই মদ জব্দ কৰা হয় । তেনেদৰে আমিনগাঁও বজাৰত ২২ কার্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰা আৰু বিয়েৰ জব্দ কৰে অভিযানকাৰী দলটোৱে । আনহাতে অভিযানকাৰী দলটোৱে ফটাশীলত এজন আৰু আমিনগাঁওত দুজনসহ মুঠ তিনিজন লোকক হাতে লোটে আটক কৰে । আটকাধীন তিনিওজনকে কামৰূপ মহানগৰ জিলাৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক জেললৈ প্ৰেৰণ কৰে । ইফালে যোৱাকালিও অভিযানকাৰী দলটোৱে বিৰুৱাৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সমীপত অভিযান চলায় ৫ কাৰ্টুন বিভিন্নজনে বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাসহ এজন লোকক আটক কৰিছিল ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…