অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই মঙলবাৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ সমিপত প্ৰায় চাৰি লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত ক’ভিড প্ৰতিষেধক ভড়াল এটিৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে অতি কম দিনৰ ভিতৰতে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত তত্বাৱধানত আৰু বিশ্বনাথ জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু টি কে ইঞ্জিনীয়াৰিঙ প্ৰাইভেট লিমিটেড আৰু বিশিষ্ট সমাজকৰ্মী উদয় আদিত্য গোস্বামীৰ অৰ্থ সাহায্যত ক’ভিড প্ৰতিষেধক ভড়ালটি নিৰ্মাণ কৰি উলিওৱা হৈছে। নিজৰ ভাষণ প্ৰসঙ্গত মন্ত্ৰী হাজৰিকাই নিৰ্ধাৰিত সময়ৰ ভিতৰতে ক’ভিড টীকা ভড়ালটিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলাৰ বাবে জিলা প্ৰশাসন আৰু অৰ্থ সাহায্য প্ৰদান কাৰীসকলৰ শলাগ লয়। ইয়াৰ অভাৱত পূৰ্বতে শোণিতপুৰ জিলাৰ পৰা ক’ভিডৰ প্ৰতিষেধক আনিব লগা হৈছিল যাৰফলত বিশ্বনাথ জিলাত টিকাকৰণ কাৰ্যসূচী কিছু পৰিমাণে ধীৰ হৈ পৰিছিল। সম্প্ৰতি ৪০,০০০ পালি টীকা মজুতকৰণৰ ক্ষমতা থকা ভড়ালটি উদ্বোধন কৰি মন্ত্ৰী হাজৰিকাই কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাৰ বাবেই আজি অধিক সংখ্যক মানুহে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ সমৰ্থ হ’ব পাৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, “ভেকচিন ল’বলৈ মানুহ আগ্ৰহী। ভেকচিন লৈ, মাস্ক পিন্ধি, সামাজিক দূৰত্ব বজাই ৰাখি অথবা সঘনাই হাত বীজাণুমুক্ত কৰিহে আমি ক’ভিডক জয় কৰিব পাৰিম”। আনহাতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ব্যাপক হাৰত আৰম্ভ কৰা ক’ভিড ১৯ ৰ টীকাকৰণৰ বাবে আৰু অধিক সংখ্যক মানুহক ওলাই আহিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। উদ্বোধনী কাৰ্যসূচীত ভাগ লৈ প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই সকলো ৰাইজকে চৰকাৰে আগবঢ়োৱা বিনামূলীয়া টীকাকৰণৰ সুবিধা গ্ৰহণ কৰি ক’ভিডৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীৰ সৈতে আজিৰ কাৰ্যসূচীত অভিভাৱক সচিব ৰাজেশ প্ৰসাদ, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা উপাযুক্ত প্ৰণৱ কুমাৰ শৰ্মা, সমাজকৰ্মী উদয় আদিত্য গোস্বামী, অন্যান্য বিষয়াবৰ্গ, টি কে ইঞ্জিনীয়াৰিঙ প্ৰাইভেট লিমিটেডৰ বিষয়াবৰ্গ আদি উপস্থিত আছিল।ইয়াৰ পূৰ্বে মন্ত্ৰী পীয়ুষ হাজৰিকাই দুটাকৈ ক’ভিড ১৯ প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰে যোৱা সোমবাৰৰ পৰা আৰম্ভ কৰা “সকলোৰে বাবে বিনামূলীয়া টীকাকৰণ” অভিযানৰ বুজ লয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা “সকলোৰে বাবে বিনামূলীয়া টীকাকৰণ” অভিযানৰ অংশস্বৰূপে অসমত ১৮ বছৰৰ উৰ্দ্ধৰ দৈনিক তিনি লাখ ব্যক্তিক প্ৰায় ২০০০ টীকাকৰণ কেন্দ্ৰৰ জড়িয়তে বিনামূলীয়াকৈ ক’ভিড ১৯ ৰ টীকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিশ্বনাথ জিলাতো অৰ্ধশতাধিক কেন্দ্ৰত ক’ভিড ১৯ ৰ টীকাকৰণৰ চলি আছে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ নাগ শঙ্কৰ হাইস্কুলস্থিত আৰু মোনাবাৰী চাহবাগিছাৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ দুটা পৰিদৰ্শন কৰি টীকাকৰণৰ সমগ্ৰ কাৰ্যসূচী তথা ব্যৱস্থাৱলীৰ পৰ্যবেক্ষণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…