যোৱা নিশা ১২ মান বজাত ধিং আৰক্ষীয়ে অভিযান চলাই ধিং নামডুমডুমীয়া সত্ৰৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰৰ পৰা ২০ কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰে । আটক কৰে মন্দিৰৰ পুজাৰীক । ভাং খিনিৰ বজাৰ মূল্য প্ৰায় ৬০ হাজাৰ টকা । উল্লেখ্য যে মন্দিৰৰ পুজাৰী দেৱকান্ত নাথে মন্দিৰটোত থাকি পুজা পাতল কৰাৰ চলেৰে চোৰাং ভাৱে গাঞ্জা বিক্ৰী কৰি অঞ্চলটোৰ যুৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল । পুজাৰীটোক এই বৃহৎ পৰিমানৰ গাঞ্জা যোগান ধৰি আহিছিল নগাঁৱৰ জেহিৰুল নামৰ এজন লোকে । নিশা ধিং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অহা আৰক্ষীৰ দলে মন্দিৰটোত অভিযান চলায় ভাং খিনি জব্দ কৰাৰ লগতে আটক কৰে মন্দিৰৰ পুজাৰী দেৱকান্ত নাথক ।

