স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যোৰাবাটৰ পৰিস্থিতি।
বৈঠকৰ পাছতে আন্দোলন প্ৰত্যাহাৰ অসমৰ চালক সন্থাৰ।
অসম-মেঘালয়ৰ মাজত পুনৰ আৰম্ভ পৰিবহণ সেৱা।

মেঘালয়ৰ একাংশ বাহনে যোৰাবাটতে নমাই দিছে যাত্ৰীক।
যাত্ৰীক যোৰাবাটত নমাই পুনৰ ৰাওনা হৈছে মেঘালয়লৈ।
কালি সন্ধিয়া আলোচনাৰ অন্তত সিদ্ধান্ত।
SIT গঠন কৰা পৰ্যন্ত অৱৰোধ স্থগিত।
যোৰাবাটৰ প্ৰতিবাদস্থলীত মন্ত্ৰী অতুল বৰা, মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ড০ তপন দাসৰ সৈতে হোৱা আলোচনাত এই সিদ্ধান্ত।
আজিৰে পৰা পৰা দুয়োখন ৰাজ্যৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা হ’ব স্বাভাৱিক।
কিন্তু, অসম-মেঘালয়ৰ মাজৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি কিছু শাম কাটিছে যদিও এতিয়াও নিশ্চিত হোৱা নাই নিৰ্ভৰযোগ্য পৰিবহণ সেৱা।

