মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ সত্ৰীয়া চ’ৰাত দেওবাৰে গুৱাহাটীৰ পুৰুলীল প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থ ‘গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰ বটদ্ৰৱা’ উন্মোচন কৰা হয়। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত গুৱাহাটীৰ পুৰুলীল প্ৰকাশনে প্ৰকাশ কৰা সাংবাদিক, কবি কন্দৰ্প কুমাৰ কলিতাৰ “গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰ বটদ্ৰৱা” শীৰ্ষক গ্ৰন্থখনি মাংগলিক কাৰ্যসূচীৰ মাজেৰে উন্মোচন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে। সভাৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামীয়ে “বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ”ৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ব বুলি প্ৰকাশ কৰে।

আনহাতে সভাত অংশ গ্ৰহণ কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে “গ্ৰন্থ অধ্যয়ণৰ প্ৰয়োজনীয়তা” বিষয়ে আলোকপাত কৰে। আন এগৰাকী অতিথি তথা বিশিষ্ট সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কুমাৰ নাথে চুটি ভাষণেৰে কন্দৰ্প কুমাৰ কলিতাক প্ৰশংসা কৰি, সাহিত্য চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। সভাত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তই “সাংবাদিকতাৰ সমান্তৰালকৈ সাহিত্য চৰ্চা কৰা কন্দৰ্প কুমাৰ কলিতাক শুভেচ্ছা জ্ঞাপন” কৰে। সভাত সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক তুৱাৰাম বৰুৱা, দিলীপ দেৱ গোস্বামী, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকী, প্ৰকাশক তথা পুৰুলীল প্ৰকাশনৰ স্বত্বাধিকাৰী ডিম্পুল চুতীয়াকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিজ্ঞান লেখক কুলদ্বীপ মেধি, সাংবাদিক-কবি ৰূপম নাথ, লেখক নৱজ্যোতি বৰাকে প্ৰমূখ্য কৰি শতাধিক লোক উপস্থিত থাকে।

