বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ছয়সীমানাত আজি এটি নম্বৰবিহীন ট্ৰেক্টৰ দূৰ্ঘটনাত এগৰাকী দেৱ শিশুৰ কৰুণ মৃত্যু হোৱাত বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, গাঁওখনৰ ছানমাহমুদৰ পুত্ৰ স্বাহ আলী নামৰ চালক জনে নিজৰ ট্ৰেক্টৰ খন পথৰ কাষত ৰখাই থোৱাৰ কিছু সময় পিছত ট্ৰেক্টৰ খন ষ্টাৰ্ট দি পিছ ফালে পিছুৱাই দিয়াৰ সময়তে ট্ৰেক্টৰ খনৰ কাষতে খেলি থকা অৱস্থাত হঠাৎ ট্ৰেক্টৰ খনৰ তলত পৰি শিশুটিৰ কৰুণ মৃত্যু ঘটে। ট্ৰেক্টৰ খনৰ তলত পৰি মৃত্যু হোৱা শিশুটি গাওঁ খনৰ ৰাহুল আমিনৰ পুত্ৰ আব্দুৰ ৰহমান (২)বুলি জানিব পৰা গৈছে।উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ হোৱাৰ পিছত ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। পিছত ঘটনাৰ বিষয়ে আলোপতিচৰ আৰক্ষী থানাত খৱৰ দিয়াত আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়া নিৰ্দেশত এটি আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰি শিশুটিক মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাস্থিত ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত ইতিমধ্যে মৃত শিশুটিৰ পিতৃয়ে আলোপতিচৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে।মন কৰিবলগীয়া যে বৰপেটাৰ চৰাঞ্চলত নম্বৰবিহীন ট্ৰেক্টৰৰ দৌৰাত্ম্যই ৰাইজক অতিষ্ঠ কৰি তুলিছে। শিশু গৰাকীৰ এনে মৃত্যুত বৃহত্তৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰাৰ লগতে মৃত শিশুটিৰ পৰিয়ালটোৱে শোকত ভাগি পৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…