কামৰূপ জিলাৰ ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনৰ পশ্চিম ছয়গাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত শিংখাট উপ_পথত কলহী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত শতাধিক গাঁৱ স্পৰ্শ কৰিব পৰা পথটোৰে এতিয়া সম্পূৰ্ণ ৰূপে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে।যাৰ ফলত ছয়গাঁও চহৰলৈ দৈনন্দিন সেই পথছোৱাৰে অহাযোৱা কৰা সহস্ৰাধিক লোকে বহু দূৰৈৰ পথেৰে যাতায়াত কৰিব লগা হৈছে। ভুক্ত ভোগী পথচাৰীয়ে জানিবলৈ দিয়া মতে আজি প্ৰায় দুবছৰ আগতে পঞ্চায়ত পথটোৰ অধীনৰ এগৰাকী বিষয়াই সেই পথছোৱাৰ কাম বিভাগীয় ভাবে কেবাকোটি টকাৰে আৰম্ভ কৰি শেষ নহোৱাকৈ সম্পূৰ্ণ টকা মোকলাই লৈ এতিয়া এই দুৰ্যোগৰ সময়ত পথচাৰীয়ে বাৰাম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা পিছতো কাণসাৰ নাই কৰ্তৃপক্ষৰ।এতিয়া খহনীয়াৰ খবৰ ছয়গাঁও স্হিত পথ উপসংমণ্ডল কাৰ্যালয়ৰ জৰিয়তে লাভ কৰা পিছতহে জল সম্পদ বিভাগৰ পশ্চিম গুৱাহাটী সংমণ্ডলৰ সহকাৰী অভিযন্তা ছাহিদ জামান আৰু অনুৰাগ শইকীয়া উপস্থিত হৈ কেইবাজনো শ্ৰমিক লগাই সাধাৰণ বাঁহৰ বেৰ লগাই জোৰাটাপলি মাৰিবলৈ লোৱাত জাঙুৰ খাই উঠে উপস্হিত পথচাৰী সকল।তেওঁলোকৰ মতে বিভাগীয় ভাবে কলহীৰ বাঢ়নী পানী নাহোতেই কৰ্তৃপক্ষই যদি জি’অ বেগ আৰু পাৰ্কুপাইনৰ দ্বাৰা পথ মেৰামতি নকৰে তেতিয়াহ’লে পথটো সম্পূৰ্ণকৈ কলহীৰ বুকুত জাহ যাব আৰু দৈনন্দিন সহস্ৰাধিক লোকৰ ছয়গাঁও চহৰলৈ যোগাযোগ নিঃ চিন্ন হৈ পৰিব।গতিকে শতাধিক গাঁৱ স্পৰ্শ কৰিব পৰা এইপথটোৰ কাম অনতিপলমে আৰম্ভ কৰিবলৈ ভুক্ত ভোগী পথচাৰীয়ে উৰ্ধতন কৰ্তৃপক্ষক অনুৰোধ জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…