শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আজি পৰিদৰ্শন কৰে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। শিৱসাগৰ জিলা ভ্ৰমণ কালত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজমাই চাহ বাগিচা, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, কোঁৱৰপুৰ স্থিত সৃষ্টি বিকাশ কেন্দ্ৰ আৰু আমগুৰিৰ আউনিআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক’ভিড প্ৰতিষেধক কেন্দ্ৰকেইটা পৰিদৰ্শন কৰি জিলাখনত ব্যাপক ক’ভিড প্ৰতিষেধক অভিযানৰ ৰূপায়ণকাৰ্য নিৰীক্ষণ কৰে। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে তেওঁৰ পৰিদৰ্শন কালত প্ৰতিষেধক প্ৰদানৰ লগত জড়িত স্বাস্থ্য কৰ্মী, সহায়ক, কাৰিকৰী ব্যক্তিসকল আৰু প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ সৈতে মত- বিনিময় কৰে। তেওঁ কেন্দ্ৰসমূহৰ আন্তঃগাথঁনি, ক’ভিড বিধি পালন তথা অন্যান্য সা-সুবিধা সমূহৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়। কেন্দ্ৰসমূহ পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে যোৱা ২১ জুনৰ পৰা আৰম্ভ হোৱা ব্যাপক ক’ভিড প্ৰতিষেধক অভিযান সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত দৈনিক লক্ষ্যতকৈ অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ বাবে মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনৰ শলাগ লয়। এই প্ৰতিষেধক অভিযানৰ প্ৰতি আগবঢ়োৱা স্বতঃস্ফূৰ্ত আৰু অত্যন্ত ইতিবাচক সঁহাৰিৰ বাবে স্বাস্থ্যমন্ত্ৰী মহন্তই ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। জিলাখনৰ ১৮ বছৰ বয়সৰ উৰ্ধৰ সকলো ব্যক্তিয়ে ক’ভিডৰ প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ জিলাখনৰ বাবে প্ৰয়োজনীয় ক’ভাক্সিনৰ দ্বিতীয় পালি অতিশীঘ্ৰে প্ৰেৰণ কৰা হ’ব বুলি অৱগত কৰে। মন্ত্ৰী গৰাকীয়ে আজি শিৱসাগৰৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ পৰা জিলাখনৰ সাম্প্ৰতিক ক’ভিড-১৯ পৰিস্থিতি সম্পৰ্কে বুজ লয়। মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ ৰথীন্দ্ৰ নাথ ভূঞা, স্বাস্থ্য বিভাগৰ উপ-সচিব কমলজিত তালুকদাৰ, জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱা, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া (পৰিয়াল কল্যাণ), আমগুৰি আৰু ডিমৌৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে মিতালী লাহন আৰু ফিলিছ ৰাংচাল, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু সমাজকৰ্মী সুৰভি ৰাজকোঁৱৰী উপস্থিত থাকে। প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শনৰ অন্তত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ১৯৬২ চনতে স্থাপন স্থাপন হোৱা জাঁজীত স্থিত জাঁজী সহকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি পৰিদৰ্শন কৰে। তেওঁ স্বাস্থ্য কেন্দ্ৰটিত কৰ্মৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলৰ সৈতে মত-বিনিময় কৰি স্বাস্থ্য কেন্দ্ৰটিৰ অভাৱ আৰু সমস্যা সমূহৰ বিষয়ে বুজ লয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…