Breaking

নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কুখ্যাত ৰাজা আলি

0 536

ডিব্ৰুগড়ত পুনৰ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ।ডিব্ৰুগড়ৰ আন এক পুৰণি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰাজা আলি এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল।এই ড্ৰাগছ বিৰোধী অভিযানত ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ গ্ৰেপ্তাৰ হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰাজা আলি।
একালৰ কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেইখৰ চহৰৰ কালিবাৰীৰ গৃহৰ সমীপত চলোৱা এই অভিযানত প্ৰায় ৫১ গ্ৰাম ব্ৰাউন ছুগাৰ আৰু ১৫ গ্ৰাম হেৰ’ইন সহ গ্ৰেপ্তাৰ হয় ৰাজা।ৰাজাৰ শহুৱেকৰ কালিবাৰীৰ গৃহৰ পৰা এই ড্ৰাগছ সহ আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰে ৰাজাক।

পূৰ্বে বহুবাৰ আৰক্ষীৰ জালত পৰা ৰাজাৰ বিৰুদ্ধে এই অভিযানৰ নেতৃত্ব লৈছিল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া,নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিং সহ সদৰ থানাৰ এটা দলৰ লগতে সহযোগ কৰিছিল চি আৰ পি এফৰ ১৭১ বেটেলিয়ানৰো এটা বৃহৎ দলে।আৰক্ষীৰ মতে এই ড্ৰাগছ খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য বহুলক্ষাধিক টকা হব।

Leave A Reply