ওদালগুৰি জিলাৰ মাজবাটত ৰাজহ চক্ৰৰ ওৰাং মৌজাত বিগত বিশ বছৰ আগতে স্থাপন কৰা হৈছিল তিনিখন জলসিঞ্চন আচঁনি । গৰুবন্ধা, বগৰীবাৰী আৰু পাকৰীবাৰীত তদানীন্তন কংগ্ৰেছ চৰকাৰে কোটি টকা ৰাজকোষৰ ধন ব্যয় কৰি এই আঁচনি স্থাপন কৰিছিল ।উদেশ্য আছিল ওৰাং মৌজাৰ শ, শ কৃষকৰ হাজাৰ হাজাৰ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰা ।পিছে আচঁনি তিনিখন স্থাপন কৰা দিনৰে পৰা কৃষক সকলে এটোপাল পানী পাবলৈ সক্ষম নহল । যদিও কাৰ্যক্ষম নোহোৱা আচঁনি কেইখনৰ নামত চৰকাৰী কৰ্মচাৰী নিয়োগ কৰি তেওঁলোকক লোহাৰ পাইপ কেইডাল মান ৰখিবলৈ দায়িত্ব দিয়া হৈছে ।এতিয়া এইসকল চৰকাৰৰ বেতন ভোগী কৰ্মচাৰী সকলে দিনৰ দিনটো লোহাৰ পাইপ কেইডাল ৰখিয়েই হামিয়াই হাকতিযাই থকাৰ বাবে অইন কাম একোৱেই নাই । আচঁনি খনত নিয়োজিত হৈ থকা একাংশ কৰ্মচাৰীয়ে ঘৰতে বহি দা দৰমহা লৈ আছে বুলিও জানিব পৰা গৈছে । তেওঁলোকৰ ভুল নহয । ভুল হৈছে অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ । কৰ্তব্যৰ আৰু চাকৰিৰ তাগিদাত তেওঁলোকে এনেদৰে আজি বিশ বছৰ ধৰি নিধিৰাম চৰ্দাৰ হৈ থাকিব লগিয়া হোৱাত নিজকে এটা অক্ৰমৰ্ন অপদাৰ্থ বিভাগৰ কৰ্মচাৰী বুলি গণ্য কৰিবলৈ বাধ্য হৈছে । বৃহত্তৰ ওৰাং মৌজাৰ ৭০ শতাংশ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি কৃষি কাৰ্যত জড়িত হৈ থকা কৃষক সকলে চৰকাৰ তথা বিভাৰ্গীয কৰ্তৃপক্ষক বাৰম্বাৰ অনুনয় বিনোনয় কৰাৰ পিছত এই কোটি টকীয়া জলসিঞ্চন আচঁনি তিনি খন আজি পৰ্য্যন্ত কাৰ্য্যক্ষম হৈ নুঠিল। উক্ত স্থানত থকা আচঁনি কেইখন যদি কাৰ্য্যক্ষম হলে হেতেন তেতিয়া ওৰাং মৌজাৰ অধীনত থকা বগৰীবাৰী, গৰুবন্ধা,পাকৰীবাৰী,জামুগুৰি, আওঁনাজুলি,কোৰকাবাৰী,শইকীয়া চুবুৰী ইত্যাদি বৃহৎ অঞ্চলৰ কৃষক সকলৰ হাজাৰ হাজাৰ বিঘা মাটিত জলসিঞ্চনৰ সুবিধা হলহেতেন ।কিন্তু আহিছে চৰকাৰ গৈছে চৰকাৰ তথাপিও এই জলসিঞ্চন আচঁনি কেইখনৰ প্ৰতি কাৰোৰে ভ্ৰুক্ষেপ নাই । সেয়েহে বিকল জলসিঞ্চন আচঁনি কেইখন কাৰ্যক্ষম কৰি তুলিবলৈ পুনৰ দাবী উত্থাপন কৰিছে ওৰাং মৌজাৰ কৃষক সকলে
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…
- বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…
- বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই, ইয়াত বিৰোধীয়েও নাজানে তেওঁলোকৰ প্ৰাৰ্থী কোন, ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স ৭৫ হাজাৰ অতিক্ৰম…
- চেমিকণ্ডাক্টৰ জৰিয়তে চাউথ ইষ্ট এছিয়াৰ দুৱাৰ মুকলি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইঃ বিমল বড়া
- আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস…
- তেজপুৰৰ “সংস্কৃতা”ৰ বাৰ্ষিক অধিৱেশন আৰু বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন…