Breaking

স্পষ্ট নীতি নিৰ্দেশনাৰ অভাৱত ভুগিছে শাৰীৰিক নিৰ্দেশক সকল

0 1,570

যেতিয়ালৈকে বিদ্যালয় সমূহত ক্ৰীড়াক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা নহয় তেতিয়ালৈ অসমৰ ক্ৰীড়াৰ উন্নতি হ’ব নোৱাৰে এই কথা বাৰে বাৰে সচেতন ক্ৰীড়াপ্ৰেমী ৰাইজে কৈ আহিছে। ইতিমধ্যে অইন ৰাজ্যসমূহত ক্ৰীড়াক বিদ্যালয় সমূহত বাধ্যতামূলক বিষয় হিচাপে লৈ ৰাজ্য তথা দেশত মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লৈ কাম কৰি আছে। অসমত এই সুবিধাটো হোৱা নাই বাবে সূপৰিকল্পিত ভাৱে আচঁনি প্ৰস্তুত কৰিব পৰা নাই। ক্ৰীড়াক আগবঢ়াই নিয়াৰ স্বাৰ্থত বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হৈছে যদিও আশা কৰা ধৰনে সূফল পোৱাত ব্যাৰ্থ হৈছে। বিদ্যালয় সমূহত যিমানখিনি শাৰীৰিক নিৰ্দেশকৰ প্ৰয়োজন সেই অনুপাতে যথেষ্ট কম সংখ্যক শাৰিৰীক নিৰ্দেশক সকলে কাম চলাই থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে যি সকল শাৰীৰিক নিৰ্দেশক কৰ্মৰত অৱস্থাত আছে তেওঁলোকলৈও চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্ট নীতি নিৰ্দেশনা নাই। যাৰ বাবে শাৰীৰিক নিৰ্দেশক সকলে বিদ্যালয় সমূহত বিদ্যালয় সপ্তাহত নুন্যতম ক্ৰীড়া কাৰ্য সমাপন কৰি গোটেই বছৰটোৰ বাবেই ক্ৰীড়াক পিঠি দিবলগীয়া হৈছে। বিদ্যালয় সপ্তাহতো ক্ৰীড়া সামগ্ৰীৰ অভাৱতে হওঁক বা বিদ্যালয় প্ৰধানৰ সদইচ্ছাৰ অভাৱতে হওঁক ৰসতে নাম থবলগীয়া হৈছে ক্ৰীড়াক। অৱশ্যে ইয়াৰ মাজতো কিছু শাৰীৰিক নিৰ্দেশকে বিদ্যালয়ৰ ক্ৰীড়াৰ কাম-কাজ সম্পন্ন কৰাৰ পিছতো অনুষ্ঠান সমূহে অনুষ্ঠিত কৰি অহা বিবিধ ক্ৰীড়া প্ৰতিযোগিতাতো অংশ গ্ৰহন কৰি ক্ৰীড়াক আগবঢ়াই নিয়া কাৰ্যত সহযোগিতা আগবঢ়াই আহিছে। বিদ্যালয় সমূহত ক্ৰীড়াৰ কোনো কাম-কাজ নথকাৰ সুবিধা লৈয়ে কিছুমান বিদ্যালয়ৰ প্ৰধানে শাৰীৰিক নিৰ্দেশক সকলক পাঠ্যপুথিৰ পাঠদান কাৰ্যত নিয়োগ কৰিছে। কিছুমান বিদ্যালয়ৰ কাৰ্যলয়ত শাৰীৰিক নিৰ্দেশক সকল বহাৰ বাবে চকীৰো অভাৱ হোৱা দেখা গৈছে। যিটো অতিকৈ দুৰ্ভাগ্যজনক কথা। এনেদৰে ক্ৰীড়া কি ভাৱে আগবাঢ়িব সেয়াহে বিচাৰ্যৰ বিষয়। ক্ৰীড়াৰ প্ৰাৰম্ভীক কাম-কাজৰ বাবে শাৰিৰীক নিৰ্দেশক সকল অতি দক্ষ হিচাপে বিবেচিত হৈছে। ইয়াৰ উদাহৰণ ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস। তেওঁকো এজন শাৰীৰিক নিৰ্দেশকে উলিয়াই আনিছিল। এওঁলোকে কোন ছাত্ৰ-ছাত্ৰীয়ে কি খেল খেলিলে উপকৃত হ’ব সেই কথা ভালদৰে জানে। গতিকে এই সকলক ক্ৰীড়াৰ নামত সূপৰিকল্পিত ভাৱে ব্যাৱহাৰ কৰি ক্ৰীড়াক আগবঢ়াই নিবলৈ বিশেষ আঁচনি প্ৰস্তত কৰা উচিত। অন্যথা ক্ৰীড়া এই ভাবেই চলি থাকিব ঠিকেই কিন্তু ফলাফলৰ নামত থাকিব বৃহৎ শুন্য। সচেতন আৰু সক্ৰিয় জিলা ক্ৰীড়া বিষয়াৰ নিৰ্দেশত আজিওঁ বিভিন্ন জিলাত খেলুৱৈৰ মাজত বিভিন্ন ইভেন্টৰ প্ৰশিক্ষণ অব্যাহত ৰাখিছে শাৰীৰিক নিৰ্দেশক সকলে। তেওঁলোকে ক্ৰীড়াৰ নামত কাম কৰাৰ অদম্য হেপাহ বুকুত বান্ধিয়েই ক্ৰীড়া বিষয়ক পাঠ্যক্ৰম গ্ৰহন কৰি সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ আহিছিল। আনকিছুমানে আকৌ নিজৰ খৰছত ক্ৰীড়া বিষয়ৰ পাঠ্যক্ৰম গ্ৰহন কৰি সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ আজিও কৰ্মসংস্থাপনৰ অভাৱত ঘৰতে হাহ-হুমুনিয়াহ কাঢ়ি বহি আছে। গতিকে এই বিলাক কথাৰ ওপৰত চৰকাৰে বিহিত ব্যাৱস্থা গ্ৰহণ কৰি ক্ৰীড়াক আগবঢ়াই নিব পাৰে বুলিও একাংশই মন্তব্য আগবঢ়াইছে। সুস্থ সবল সমাজ গঢ়াত ক্ৰীড়াই মুখ্য ভূমিকা পালন কৰিব পাৰে। সেয়েহে কোৱা হয় সুস্থ শৰীৰে সুস্থ মনৰ জন্ম দিব পাৰে, সুস্থ মনেহে সুস্থ চিন্তা-চৰ্চা কৰিব পাৰে আৰু সুস্থ চিন্তা-চৰ্চাইহে সমাজ খনক ভালদৰে পৰিচালিত কৰিব পাৰে। গতিকে সুস্থ শৰীৰৰ বাবে খেলা-ধুলা নিত্যান্তই প্ৰয়োজনীয়। এজন খেলুৱৈয়ে ৰাষ্ট্ৰীয় বা আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নাযাব পাৰে কিন্তু ক্ৰীড়াৰ জড়িয়তে নিজকে সুস্থ ৰাখি সমাজখন নিৰোগী কৰি গঢ়ি তোলাত অংশীদাৰ হ’ব পাৰে। নতুন চৰকাৰ খনে ক্ৰীড়াক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। আশা কৰা হৈছে ক্ৰীড়াৰ জড়িয়তেই মানৱ সম্পদ গঢ় লৈ উঠক, ক্ৰীড়াৰ জড়িয়তেই সমাজখন নিৰোগী স্বাস্থৱান কৰি গঢ়ি তোলক। ইয়াৰ বাবে পৰ্য্যাপ্ত পৰিমানৰ শাৰীৰিক নিৰ্দেশক নিয়োগ কৰাৰ উপৰিও অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা বিজ্ঞান সন্মত দীৰ্ঘকালিন প্ৰশিক্ষণৰ ব্যাৱস্থা নিশ্চিত ভাৱে প্ৰয়োজন হ’ব। লগতে শাৰীৰিক নিৰ্দেশকৰ বাবে চৰকাৰী ভাৱে স্পষ্ট নীতি-নিৰ্দেশনা প্ৰয়োগ কৰিলে অসমৰ ক্ৰীড়াও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত ভাল ফলাফল কঢ়িয়াই আনিব পাৰিব বুলি আশা কৰিব পাৰি।

Leave A Reply