জামুগুৰিহাটত ব্যাপক হাৰত উলংঘা কভি’ড বিধি।

কৰ’ণাৰ ভয়ংকৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ ফালৰ পৰা শোণিতপুৰ জিলাক ৰে’ড ডিষ্ট্ৰিক হিচাপে চিহ্নিত কৰাৰ সময়ত জিলাখনৰ সীমামুৰীয়া অঞ্চল জামুগুৰিহাটো ব্যাপক হাৰত উলংঘা হৈছে কভি’ড বিধি। অঞ্চলটোৰ ৰাজহুৱা প্ৰতিষ্ঠান বেংকৰ লগতে বৰ্তমান কভি’ড ভেকচিনেশ্বন চেন্টাৰত এইদৰেই ৰাইজে উলংঘা কৰিছে কভি’ড বিধি। জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্হলত অৱস্থিত গ্ৰামীণ বিকাশ বেংকৰ লগতে বাপুজী ভৱণত অনুষ্ঠিত কৰা কভি’ড ভেকচিনেশ্বন চেন্টাৰত এইদৰেই পুৱাৰ পৰাই গ্ৰাহকৰে লগতে ভেকচিন লবলৈ অহা লোকে কোনো ধৰণৰ সামাজিক দুৰত্ব মানি নচলাৰ লগতে একাংশই আকৌ মুখৰ সলনি থুতৰিতহে মাক্সখন পৰিধান কৰা পৰিলক্ষিত হৈছে। এনে ধৰণৰ অবিবেচক লোকৰ কৰ্ম কাণ্ডৰ বাবেই অঞ্চলটোত কৰ’ণাৰ দ্ৰুত গণ সংক্ৰমণ হোৱা বুলি স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো কৰ’ণাৰ ভয়ংকৰ গণ সংক্ৰমণ অব্যাহত আছে আৰু এতিয়ালৈকে প্ৰায় ১৫শতাধিক লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে ৮ জন লোকৰ মৃত্যু হৈছে ৷

Related Articles