আজি মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাত দিনৰ ১০.১৫ মিনিটত উপস্থিত হয় মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডঙৰীয়া। মূখ্যমন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাষ্কৰ জ্যোতি মহন্ত,সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া। মৰিগাঁও জিলাৰ ভূৰাগাঁও থানা অন্তৰ্গত বালিডোংগা গাঁৱৰ পথাৰৰ মৰাপাট খেতিত উদ্ধাৰ হৈছিল ৯ বছৰীয়া শিশুটিৰ মৃতদেহ। মৃত কিশোৰী গৰাকী নাম ছুমি আনছাৰী। যোৱা ২০জুন দেওবাৰে কোনো অচিনাক্ত লোকে ধৰ্ষণ কৰি মৰাপাট খেতিত নিশংস ভাৱে হত্যা কৰিছিল শিশুটিক। আজি শিশুটিৰ পৰিয়ালৰ কাষত উপস্থিত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূখ্যমন্ত্ৰী গৰাকীয়ে ভূৰাগাঁও আৰক্ষী থানাত উপস্থিত হৈ হত্যাকাণ্ডৰ বলি হোৱা কণমাণি শিশুৰ পিতৃ-মাতৃৰ লগত আলোচনাত মিলিত হৈ ঘটনা সন্দৰ্ভত বুজ লোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে।এক প্ৰশ্নৰ উত্তৰত মন্ত্রী গৰাকীয়ে কয় যে যোৱা কালি লাহৰীঘাটৰ কাঠনিত সংঘটিত হোৱা ৮ বছৰীয়া কন্যা শিশুৰ ধৰ্ষণকাৰীৰ আচামীক কৰায়ত্ত কৰা হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- টেঙাখাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্য…
- প্ৰকৃতিৰ তাণ্ডৱ! বজ্রপাতত নলবাৰীত বিস্তৰ ক্ষতি সাধন…
- মাজগাঁওত ভয়ানক অগ্নিকাণ্ড ! ঘটনাস্থলী পৰিদৰ্শন ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানৰ…
- চাইনি এণ্ড তাজহেল্পিং হেণ্ড ছ’চিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত সামগ্রী বিতৰণ…
- চীন অধিকৃত তিব্বত সংযোগী পথ আৰু হেলিপেড নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ বি আৰ অ’ৰ ! পথ দুৰ্ঘটনা ৰোধৰ বাবেও বিশেষ কৌশল…
- চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ নিৰ্মম প্ৰহাৰত আহত চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী ! ঘটনা সন্দৰ্ভত থানাত গোচৰ…
- শাস্তিৰ নামত ৭ বছৰীয়া ফুলকুমলীয়া শিশুক নিৰ্যাতনৰ অভিযোগ চিলাপথাৰ ডন’বস্ক হাইস্কুলৰ এগৰাকী ছাত্ৰীৰ অভিভাৱকৰ…
- দুমুনীচকীত ভয়ংকৰ চুৰিকাণ্ড! মোবাইল ফোনসহ সোণৰ আ-অলংকাৰ লুটি নিলে চোৰে…
- সোণতলীত বৰলুইত শিল্পী সমাজৰ সমিতি গঠনঃ ২৬ মে’ত শপত গ্ৰহণ…
- হাৱাইপুৰ হাজাগআফেৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা, প্ৰদান কৰিলে ৫০ হাজাৰ টকাৰ চেক; উপস্থিত মন্ত্ৰী নন্দিতা গাৰ্লোচা…