বাক্সা জিলাক ৰেডজ’ন ঘোষণা কৰাৰ পিছতো সচেতন নহয় একাংশ লোক।

একাংশ লোকে ভিৰ কৰিছে তামুলপুৰৰ সাপ্তাহিক বজাৰত

বাক্সা জিলাৰ তামুলপুৰৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত, তামুলপুৰ, নাগ্ৰীজুলি আৰু নাওঁকাটাক জিলাখনৰ হ’টস্পট হিচাপে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ঘোষণা কৰাৰ পিছতো তামুলপুৰত সচেতন নহয় একাংশ লোক। বাক্সা জিলাৰ ভিতৰতেই তামুলপুৰ মহকুমাত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো একাংশ লোকে সামাজিক দুৰত্ব নামানি মাক্স পৰিধান নকৰাকৈ তামুলপুৰৰ সাপ্তাহিক বজাৰত ক’ভিড বিধিক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। লগতে তামুলপুৰ মহকুমা প্ৰশাসনৰ দায়িত্ব হীনতাৰ ছবিখন স্পষ্ট ৰূপত উপস্থাপন কৰিছে একাংশ সচেতন মহলে।

Related Articles