কলিয়াবৰৰ মহকুমাৰ পূৱথৰীয়া মৌজাৰ মাধতাৰি কিচামতৰ বিস্তৃত কৃষিভূমিৰ দাঁতিত অৱস্থিত জৈৱ-বৈচিত্ৰৰে ভৰপূৰ, দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ অন্যতম বিচৰণ ভূমি তথা ৰাজ্যখনৰ অন্যতম উল্লেখনীয় বিশাল আদ্ৰভূমি জয়সাগৰ দলনি। মাগুৰ-শিঙি, কাৱৈ-গৰৈ, শ’ল-কান্ধুলিকে ধৰি থলুৱা মাছৰে পৰিপূৰ্ণ এক জৈৱ-বৈচিত্ৰৰে ভৰ-পূৰ এক জলাশয়। প্ৰাকৃতি নান্দনিক শোভাৰে সুশোভিত জয়সাগৰ দলনিলৈ শীতৰ আগমনৰ লগে লগেই দেশী-বিদেশী পক্ষীৰ আগমন ঘটে আৰু বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱত জলাশয়ৰ লগতে দাঁতিকাষৰীয়া অঞ্চলটো মুখৰিত হৈ পৰে। কিন্তু বৰ্তমান জয়সাগৰ দলনিৰ পাৰ্শ্বৱৰ্তী কৃষিভূমি আৰু পথসমূহ এতিয়া একাংশ দুষ্কৃতিকাৰীৰ ৰম্যভূমিলৈ পৰ্যবসিত হোৱা পৰিলক্ষিত হৈছে৷
এই বিশাল জলাশয়টোৰ চৌপাশে থকা শিলঘাট, কামাখ্যা গাঁও, সোণাৰী গাওঁ, মিৰিভেটি, বৰভকতি, দুলাল মাধৱ, দলিবাৰী, পোৰাভেটি, মাধতাৰি, পূৱথৰীয়া, ভিঞাৰী গাঁও, শান্তিপুৰ, বালিটিকা, শেনচোৱা, বাঘৰচুক, চামধৰা আদিৰ কৃষিজীৱী ৰাইজে খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু পৰিতাপৰ কথা যে, বন্যহস্তীৰ লগতে এতিয়া একাংশ দুষ্কৃতিকাৰীয়ে এই বৃহত্তৰ অঞ্চলৰ কৃষিজীৱী ৰাইজলৈ কঢ়িয়াই আনিছে অশনি সংকেত।বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে কৃষি-পথাৰৰ মাজেদি বিভিন্ন অঞ্চলক সংযোগ কৰি নাবাৰ্ডৰ সহযোগত এটা পকী পথৰ নিৰ্মাণ কৰিছে যাতায়তৰ সুব্যৱস্থাৰ বাবে। লগতে পথাৰৰ ধান পকিবৰ সময়ত সোণাৰী-কামাখ্যা পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ পৰা খেতি-পথাৰ ৰক্ষাৰ বাবে যাতে বন বিভাগৰ যাতায়ত সুগম হয়। পক্ষী দৰ্শনৰবাবে ইচ্ছুক দৰ্শনাৰ্থীৰ বাবে পথছোৱা অতি গুৰুত্বপূৰ্ণ বুলি চিহ্নিত হৈছে।
ফলস্বৰূপে কৃষক ৰাইজৰ সুবিধা হ’ল যদিও পক্ষীৰ কলৰৱত মুখৰিত জলাশয় অঞ্চলটো এতিয়া পূৱাৰ পৰা নিশালৈকে একাংশ উশৃংখল যুৱক-যুৱতী, দুষ্কৃতিকাৰীৰ অবাধ বিচৰণ ভূমিলৈ ৰূপান্তৰিত কৰাত সাধাৰণ ৰাইজৰ এতিয়া স্বাধীনতা আৰু নিৰাপত্তা নোহোৱা হৈ পৰিছে বুলি সচেতন ৰাইজে অভিযোগ উত্থাপিত কৰিছে। বিশেষকৈ যোৱা বৰ্ষত দলিবাৰীৰ পৰা সোণাৰী গাঁও আৰু বৰভকতি গাঁৱৰ পৰা জয়সাগৰলৈ, ভৰালী বৰুৱা পুখুৰীৰ লগতে বৃহত্তৰ কৃষিভূমিৰ মাজেৰে নিৰ্মাণ কৰা পথ আৰু পথাৰৰ মাজত থকা জলসিঞ্চনৰ পানীৰ নলাসমূহ এতিয়া একাংশ উশৃংখল যুৱকে বেলি মাৰ যোৱাৰ লগে লগেই সুৰা আৰু জুৱাৰ আড্ডাথলীলৈ ৰূপান্তৰিত কৰাৰ লগতে সুৰাৰ বটলসমূহ কৃষিভূমিত পেলোৱাৰ ফলত কৃষকসকল আগন্তুক বিপদৰ বাবে চিন্তিত হোৱা বুলিও কৃষকসকলে ক্ষোভ ব্যক্ত কৰে।
কৃষিভূমিৰ পৰা সুৰাৰ বটলসমূহ পথৰ দাঁতিত তুলি একাংশ কৃষকে ক্ষোভেৰে কয় যে, একাংশ মুখা পিন্ধা ভদ্ৰলোক আৰু সমাজৰ একাংশ তথাকথিত অভিজাত পৰিয়ালৰ সন্তানে মুৰৰ ঘাম মাটিত পেলাই জীৱন-নিৰ্বাহ কৰা কৃষকসকলৰ দুখ-কষ্টৰ কথা কি উপলব্ধি কৰিব নোৱাৰাৰ ফলতেই এনে বিপজ্জনক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে।। তদুপৰি পূৰ্বে নিৰিবিলি পৰিৱেশত বিৰাজ কৰা দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ পক্ষীসমূহ এতিয়া জন-কোলাহল, বিশেষকৈ মটৰচাইকেল, চাৰিচকীয়া বাহনৰ বাবে জলাশয়টোৰ পূৱ প্ৰান্তলৈ কমকৈ আহিবলৈ ধৰিছে। যদি এনেদৰে বৃহৎ জলাশয় অঞ্চলটোত একাংশ লোকৰ বাবে পৰিবৰ্তন হৈ থাকে, তেতিয়া হ’লে, ভবিষ্যতে এই অঞ্চলৰ নান্দনিক শোভাৰ বিলুপ্তি ঘটাতো নিশ্চিত বুলিও সচেতন ব্যক্তি আৰু কৃষক ৰাইজে উদ্বেগ প্ৰকাশ কৰে।
একাংশ দুষ্কৃতিকাৰীয়ে জয়সাগৰ দলনিত আজি কিছুদিনৰ পৰা সৃষ্টি কৰা উশৃংখল পৰিস্থিতিৰ সম্পৰ্কে একাংশ সচেতন ৰাইজ আৰু কৃষকে অভিযোগ উত্থাপিত কৰাৰ পাছতো কলিয়াবৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱা পাছতে মদৰ বটলৰ একাংশ ভাঙি হাল বায় থোৱা মাটিত পেলাই সমগ্ৰ পৰিৱেশটো অধিক বিপজ্জনক কৰি তুলিছে বুলি একাংশ কৃষকে অভিযোগ তুলিছে। এনে ক্ষেত্ৰত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰীগৰাকীৰ লগতে আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জয়সাগৰ দলনিত গঢ়ি উঠা উশৃংখল পৰিৱেশ ৰোধ কৰি খাটি-খোৱা কৃষকসকলৰ লগতে নিৰিবিলি পৰিৱেশত বিচৰণ কৰা পক্ষীসমূহৰ অনুকূল পৰিৱেশ সুৰক্ষাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।
কৃষিভূমিত সুৰাৰ বটল , দুষ্কৃতিকাৰীৰ ৰম্যভূমিলৈ পৰ্যবসিত কলিয়াবৰৰ কিচামত

