ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ‘সাপ্তাহিক মত-বিনিময় অনুষ্ঠান’ৰ শুভাৰম্ভ

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ঐতিহাসিক ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত (বি,এড) ‘সাপ্তাহিক মত-বিনিময় অনুষ্ঠান’ (Weekly Interactive Session) শীৰ্ষক এটি ব্যতিক্ৰমী কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। আজি মহাবিদ্যালয় প্ৰাংগণত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই। প্ৰশিক্ষাৰ্থীসকলৰ মাজত ভাবৰ আদান-প্ৰদান, যোগাযোগ দক্ষতা (Communication Skills) বৃদ্ধি আৰু সুস্থ বৌদ্ধিক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই সাপ্তাহিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰশিক্ষক লীনা বুঢ়াগোহাঁয়ে আঁত ধৰা অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনাত বিশেষ সহযোগিতা আগবঢ়ায় মাজুলীৰ শ্ৰীৰাম বনমালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশিক্ষক লক্ষ্যজ্যোতি নাথে।

কাৰ্যসূচীৰ অংশ হিচাপে প্ৰশিক্ষাৰ্থীসকলক মুঠ ১০ টা গ্ৰুপত বিভক্ত কৰি এক বিশেষ প্ৰশ্নোত্তৰ আৰু দলীয় আলোচনাৰ ব্যৱস্থা কৰা হয়। প্ৰশিক্ষক নাথে প্ৰতিটো গোটৰ মাজত নিৰ্দিষ্ট বিষয় আৰু প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে প্ৰশিক্ষাৰ্থীসকলেও অত্যন্ত উৎসাহেৰে তাত অংশগ্ৰহণ কৰি সঠিক উত্তৰ তথা যুক্তি দাঙি ধৰে। শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব বিকাশৰ লগতে ভৱিষ্যতৰ এগৰাকী দক্ষ শিক্ষক হিচাপে গঢ় দিয়াৰ মানসেৰে মহাবিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এনে পদক্ষেপক মহাবিদ্যালয় পৰিয়াল তথা সচেতন মহলে প্ৰশংসা কৰিছে। অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰশিক্ষক কৰ্মচাৰী সকলৰ লগতে প্ৰথম – দ্বিতীয় সান্মাসিকৰ ছাত্ৰছাত্ৰী সকলৰ অংশগ্ৰহণেৰে অনুষ্ঠানটো অধিক সফল কৰি তোলে।

Related Articles