বাঘবৰৰ সুখোৱাঝাৰত কেঁকো সাপ উদ্ধাৰ, গ্ৰেপ্তাৰ এজন

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত সুখোৱাঝাৰত আৰক্ষীয়ে  এডাল দুস্প্ৰাপ্য কেকোঁসাপ উদ্ধাৰ কৰাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে আলোপতিচৰ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি ৩/৪ দিন খাপ পিটি থকাৰ অন্তত শনিবাৰৰ নিশা ১১-৩০ মান বজাত সুখোৱাঝাৰ নিবাসী মুনজিল বেপাৰীৰ পুত্ৰ জুল হ’ক (২৮) ৰ শোৱা কোঠালিৰ পৰা কেকঁডাল উদ্ধাৰ কৰাৰ উপৰি জুল হককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দুস্প্ৰাপ্য প্ৰজাতিৰ মুল্যবান সৰীসৃপ ডাল উদ্ধাৰৰ বাতৰিয়ে অঞ্চলজুৰি বিয়পাইছে তীব্ৰ চাঞ্চল্য। আৰক্ষীয়ে কেকোঁডাল বৰপেটা জিলা বন বিভাগক হস্তান্তৰ কৰিবলৈ যাৱতীয় যো-জা কৰিছে বুলি জানিব পৰা গৈছে।

Related Articles