পশ্চিম নলবাৰী অঞ্চলৰ ধৰ্মপুৰ সমষ্টিৰ সমাগত বাৰিষাৰ বাবে নৈপৰীয়া ৰাইজ অধিক শংকিত হৈ পৰিছে । কিয়নো সমষ্টিটোৰ ২১নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত উত্তৰ আমনি পূৰ্ণি পামৰ বুঢ়াদিয়াৰ ভগ্ন মথাউৰি মেৰামতি তথা পুনৰ নিৰ্মানৰ কাম আজিও সম্পূৰ্ণ নহোৱাত বৰষুন আহিলেই বানৰ আশংকাত বিনন্দ্ৰৰজনী কটাবলগীয়া হৈছে ইয়াৰ স্হানীয় ৰাইজে। উল্লেখ্য যে উক্ত মথাউৰিটো ২০২০ চনৰ বানত চিঙি যোৱাৰ ফলত ধৰ্মপুৰ সমষ্টিৰ ৩৫ নং আৰু ৩৬ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় বাৰখন গাঁও প্লাৱিত কৰি হাজাৰ-হাজাৰ কৃষক, শ্ৰমিক পৰিয়ালে হেৰুৱাইছিল নিজৰ সা সম্পত্তি । তদুপৰি, উপাৰ্জনৰ একমাত্ৰ খেতি খিনিও হেৰাই আলাই-আথানি নোহোৱা হৈছিল নৈপৰীয়া ৰাইজৰ ৷ উল্লেখ্য যে যোৱা বছৰে বুঢ়াদিয়াৰ বানে চিঙা পুৰ্ণি পামৰ মথাউৰি ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিদৰ্শন কৰি গ্ৰামোন্নয়ন বিভাগৰ পৰা ৩৫ লাখ টকাৰ অনুদানৰে এমজিএনৰেগাৰ জৰিয়তে ২১নং ক্ষেত্ৰী ধৰ্মপুৰ গাওঁ পঞ্চায়তৰ সভাপতিক উক্ত ভগ্ন মথাউৰি নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছিল । মন্ত্ৰী পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে সভাপতিগৰাকীয়ে যোৱা বছৰে কাম আৰম্ভ কৰে যদিও আজিলৈকে মেৰামতিৰ কাম সম্পূৰ্ণ হৈ নুঠিল । কালি জিলা ছাত্র সন্থাৰ এটা সজাতি দলে পুৰ্ণি পামৰ ভগ্ন মথাউৰিৰ নিৰ্মানৰ কাম পৰিদৰ্শন কৰে আৰু এক সপ্তাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰি আনাগত দিনত বানপানীৰ পৰা মুক্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে অতিশীঘ্ৰে গ্ৰামোন্নয়ন বিভাগৰ তদাৰকত থকা ভগ্ন মথাউৰি সমুহ জলসম্পদ বিভাগৰ আওতালৈ নিয়াৰ বাবে দাবী জনায় । ছাত্র সন্থাৰ সজাতি দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষম ডেকা, সহকাৰী সম্পাদক নিৰুজুদ্দিন আহমেদ, গৌতম বেজবৰুৱা শিক্ষা সম্পাদক চন্দন বেজবৰুৱা, কাৰ্যনিৰ্বাহক প্ৰাঞ্জল বৰ্মন লগতে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়াসকল উপস্থিত থাকে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…