বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা ২০২১-২২ৰ অধীনত ধানৰ কঠীয়া উৎপাদনৰ বাবে পানবাৰী নিগমত আৰম্ভ কৰা সমূহীয়া নাৰ্চাৰীৰ আজি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক অতুলই শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে, আসন্ন বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কৃষকক সময়মতে ধানৰ কঠীয়া যোগানৰ বাবে বোকাখাত মহকুমাৰ কৃষি বিভাগে পানবাৰী নিগম, মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰাংগন তথা ৰৌদুৱা পথাৰত প্ৰায় ৪০ হেক্টৰ ভূমিত উন্নত মানৰ ৰণজিৎ চাব ১ আৰু বাহাদুৰ চাব ১ প্ৰজাতি ধানৰ কঠীয়া সিঁচাৰ কাম আৰম্ভ কৰিছে। আজি পানবাৰী নিগমত সমূহীয়া নাৰ্চাৰীৰ শুভাৰম্ভ কৰি কৃষিমন্ত্রী অতুল বৰাই কৃষিক্ষেত্ৰৰ বিপুল পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে কৃষিখণ্ডৰ উন্নয়নমূলক আঁচনিসমূহৰ সফল ৰূপায়ণত গুৰুত্ব দিছে বুলি উল্লেখ কৰে। সাম্প্ৰতিক সময়ত কৃষিক্ষেত্ৰৰ যুগান্তকাৰী উন্নয়নৰ দ্বাৰাহে ৰাজ্যখনৰ শিক্ষিত যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন সম্ভৱ বুলিও কৃষিমন্ত্রীগৰাকীয়ে উল্লেখ কৰে। আনহাতে কৃষকৰ উৎপাদিত সামগ্ৰীৰ সংৰক্ষণৰ বাবে কৃষি বিভাগে ৰাজ্যখনৰ বিভিন্ন এলেকাত শীতল ভঁড়াল নিৰ্মাণৰ কাম চলাই আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে, কৃষি বিভাগৰ বলিষ্ঠ পদক্ষেপৰ ফলত বিগত বৰ্ষৰ দৰে এই বছৰো অসমত উৎপাদিত ফচল দেশৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে বুলিও জানিবলৈ দিয়ে। কৃষি মন্ত্ৰী অতুল বৰাই ৰাজ্যৰ শিক্ষিত যুৱক যুৱতীসকলক কৃষি, পশুপালন আৰু ইয়াৰ লগত জড়িত অন্যান্য ক্ষেত্রসমূহত মনোনিৱেশ কৰি ৰাজ্যখনক স্ব-নিৰ্ভৰশীল কৰি তোলাত সহযোগিতা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে। আজিৰ উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি বিপুল দাসৰ লগতে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…
- গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…