কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়া কৰণৰ পদক্ষেপ গ্ৰহন কৰা আঁচনিৰ অধীনত চলি থকা বৃক্ষ ৰোপনে প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টিত এক মাইলৰ খুটি হিচাপে চিহ্নিত হ’ব মন্তব্য কৰিছে “মোকছা”ই৷ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অধীকাৰীৰ অধীনত “মোছকা” নামৰ সংস্থাটোৱে ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ কৰাৰ বাবে লোৱা পদক্ষেপৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত বহুলাংশে দুৰ্ঘটনা প্ৰতিৰোধ হোৱাৰ আশা ব্যক্ত কৰিছে সংস্থাই৷৩১ নং (চি)ৰাষ্ট্ৰীয় ঘাইপথৰ বঙাইগাঁও পি আই ইউ অধীনস্থ এ এছ ১২ পেকেজৰ ১০ কিলোমিটাৰৰ পৰা ৩০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ডিভাইডাৰত বিভিন্ন প্ৰকাৰৰ বৃক্ষ ৰোপন কৰি ঠাই খিনি প্ৰদূষণমুক্ত কৰাৰ লগতে সুন্দৰ পৰিবেশ সৃষ্টি হৈছে৷কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীৰ এই অভিলাষী আঁচনি এক সোণালী সুযোগ৷সেউজীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ যোগেদি যুগান্তকাৰী উন্নয়ন হ’ব বুলিও মন্তব্য কৰিছে ।তাৰোপৰি গছ গছনি বোৰে ৰাতি চালকৰ চকুত আন গাড়ীৰ পোহৰ নপৰাৰ বাবে দুৰ্ঘটনা হ্ৰাস পাব। মোকছা এজেঞ্চীয়ে বিভিন্ন প্ৰকাৰৰ গছৰ পুলি যোগান ধৰিছে।কভিড-১৯ ত বিভিন্ন ব্যক্তিয়ে আক্ৰান্ত হৈ অক্সিজেন ৰ অভাৱত কৰুণ মৃত্যুক আকোৱালি লবলগীয়া হৈছে,তেনেক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ কৰাত অক্সিজেনৰ পৰিমাণ বৃদ্ধি হ’ব আৰু সামাজিক পৰিবেশ উন্নত হ’ব বুলি ৰাইজে মত পোষণ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…
- গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…