মৰাণত বাঘৰ আক্ৰমণত দুগৰাকী মহিলা শ্ৰমিক গুৰুতৰ ভাৱে আহত

চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত তথা চেপন আৰক্ষী চকী অধীনন্থ মৰাণৰ ডোমৰ দলং চাহ বাগিচাৰ ১৩ নং শাখাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বাগিচাখনৰ দুগৰাকী মহিলা শ্ৰমিক ৷ আজি পুৱাৰ ভাগত বাগিচাখনত পাত তুলি থাকোতে এটা নাহৰফুটুকী বাঘে অতৰ্কিতে আক্ৰমণ কৰে মহিলা শ্ৰমিক কেইগৰাকীক ৷ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ডোমৰ দলং চাহ বাগিচাৰ ৩ নম্বৰ লাইনৰ  মেঘালী পাটৰ (২৯) আৰু তাৰা গড় (২৬) ৷ দুয়ো মূৰ, ডিঙি, হাত, মুখত গুৰুতৰভাৱে আঘাত পাইছে ৷ আহত দুয়োগৰাকী মহিলাক বাগিচাখনৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালতলৈ প্ৰেৰণ কৰা হৈছে ৷ বাগিচাখনত বিগত প্ৰায় চাৰি মাহ ধৰি বাঘটোৱে আতংকৰ সৃষ্টি কৰি আহিছে বুলি জানিবলৈ দিছে শ্ৰমিকসকলে ৷

Related Articles