আজি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন।
১৯ লাখ ২ হাজাৰ ৯ জন ভোটাৰে নিৰ্ণয় কৰিব ১৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
২,৩০৭টা কেন্দ্ৰত চলিছে ভোটগ্ৰহণ।
পুৱা ৭ বজাৰ লগে লগে আৰম্ভ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।
মৰিগাঁৱত পুৱা প্ৰথমেই ভোটাধিকাৰ সাব্যস্ত কৰিলে নগাঁৱৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই।
মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ বজাৰ লগে লগে ভোটদান দেৱাশীষ শৰ্মাৰ।
ভোটদান কৰি জয়ক লৈ অত্যন্ত আশাবাদী বুলি মন্তব্য বিজেপিৰ প্ৰাৰ্থীজনৰ।
ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই।
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে আছুৰ সভাপতি উৎপল শৰ্মাই।
ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই।
দেৱাগুৰি প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে।

