জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি পুনৰ সৰৱ হৈ পৰিছে জুবিনৰ বন্ধু পাৰ্থ প্ৰতিম গোস্বামী। জুবিন ক্ষেত্ৰত উপস্থিত হৈ তেওঁ অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন কৰাৰ লগতে জামিন বাতিল কৰি পুনৰ কাৰাগাৰলৈ প্ৰেৰণৰ দাবী জনায়।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত জুবিনক হত্যা কৰা হোৱা বুলি উল্লেখ কৰাৰ পাছত অমৃতপ্ৰভা মহন্তই কেনেদৰে জামিন লাভ কৰিলে বুলি প্ৰশ্ন কৰে পাৰ্থ প্ৰতিম গোস্বামীয়ে। ‘জুবিনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা নেকি?’ বুলিও প্ৰশ্ন উত্থাপন কৰি তেওঁ এই ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰে।
জুবিনৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলে যাতে কোনো কাৰণতে আইনৰ আওতাৰ পৰা ওলাই যাব নোৱাৰে, তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনায় তেওঁ। লগতে অমৃতপ্ৰভা মহন্তৰ জামিন বাতিল কৰি পুনৰ কাৰাগাৰলৈ প্ৰেৰণৰ দাবী উত্থাপন কৰে।
আনহাতে, জুবিন হত্যাৰ ন্যায় বিচাৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ জুবিন অনুৰাগীক ওলাই আহিবলৈ আহ্বান জনায় পাৰ্থ প্ৰতিম গোস্বামীয়ে। অমৃতপ্ৰভা মহন্তৰ জামিনৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰা অধিবক্তাক সংবাদ মাধ্যমে ‘হিৰো’ হিচাপে উপস্থাপন নকৰিবলৈও প্ৰতিগৰাকী সংবাদকৰ্মীক আহ্বান জনায় তেওঁ।
‘এতিয়া কাকো বিশ্বাস কৰিব নোৱাৰি’—এই মন্তব্যৰে জুবিনৰ মৃত্যুৰ ঘটনাৰ ন্যায় প্ৰাপ্তিক লৈ নিজৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে জুবিনৰ বন্ধু পাৰ্থ প্ৰতিম গোস্বামীয়ে।

